অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ,দীক্ষু শৰ্মাৰ পৰা আৰম্ভ কৰি বহুসংখ্যক কণ্ঠশিল্পীৰ বাবে গান লিখা গীতিকাৰ মাজুলী সোনোৱাল।লকডাউনে গীতিকাৰগৰাকী জীৱনলৈ নমাই আনিছে আৰ্থিক সমস্যা।ঘৰত দুবছৰীয়া সন্তানসহ পৰিয়াল থকা শিল্পীগৰাকীয়ে আৰ্থিক দীনতাৰ জোৰা মাৰিবলৈ আৰম্ভ কৰিছে নতুন ব্যৱসায়।হাতত দা লৈ গুৱাহাটীৰ নবীন নগৰত শিল্পীগৰাকীয়ে দৈনিক বিক্ৰী কৰিছে ব্রইলাৰ মাংস।সংগীত চর্চা এৰি শিল্পীগৰাকীয়ে দ্বিতীয় পৰ্যায় লকডাউনৰ পিছৰ পৰা প্ৰতিদিনে ব্রইলাৰ মাংস বিক্ৰীৰে জীৱিকা উপাৰ্জন কৰিছে।
গুৰুত্বপূৰ্ণ যে চলিত বর্ষৰ মাঘবিহুৰ সময়ত 'কা' আন্দোলনৰ বাবে বন্ধ হৈ পৰিছিল শিল্পীসকলৰ আৰ্থিক উপাৰ্জন।তাৰ পিছতে ব'হাগ বিহুত ক'ৰনাৰ বাবে বাতিল হৈছিল সকলো অনুষ্ঠান।যৰাজ্যৰ শিল্পীসকলে বছৰৰ বাবে প্ৰয়োজনীয় কিছু অৰ্থ বিহুৰ সময়ত উপাৰ্জন কৰে।কিন্তু চলিত বর্ষত উপাৰ্জনৰ প্ৰধান সময় দুটা বন্ধ হৈ আছিল।
প্ৰথম দিনা দুটা ব্রইলাৰেৰে ব্যৱসায় আৰম্ভ কৰা শিল্পী সোণোৱালে ৰাজ্যৰ অসমীয়া যুৱক-যুৱতীক আহ্বান জনাই কয়-"কৰ্মই ধৰ্ম, লাজ-মান কাটি কৰি কৰ্ম কৰক,জাতি-ধৰ্ম-অসম বচাওক।
"শিল্পী মই,ব্রইলাৰ কটাটো মোৰ বাবে ডাঙৰ কথা নহয় বুলি উল্লেখ কৰি তেওঁ আৰু কয়-"সাঁচতীয়া ধন শেষ হোৱাৰ পিছত বিকল্প চিন্তা কৰি মই এই বৃত্তি বাছি লৈছোঁ।"
"উপলব্ধি কৰিছোঁ আমি যিমান বিদেশী খেদা আন্দোলন কৰিছোঁ,তাতকৈ আমি আমাৰ কৰ্মবোৰ যদি অসমীয়াই কৰোঁঁ,তেন্তে বিদেশী খেদিবলৈ আন্দোলন কৰাৰ প্ৰয়োজন নাই।নিজে নিজে যাবলৈ বাধ্য হ'ব"-শিল্পী সোণোৱালে কয়।
- Log in to post comments
- 53 views