আল্ট্ৰা ভায়লেট ৰে' প্ৰযুক্তি সংযুক্ত বিশেষ ক'ৰ'না চিকিৎসালয় গুৱাহাটীত মুকলি:উত্তৰ-পূবৰ ভিতৰত প্ৰথম

Pic

ৰাজ্যত ক'ৰ'না ভাইৰাছ আক্রান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সময়তে আছে এটা ভাল খবৰ।শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন ক'ৰ'নাৰ স্বতন্ত্ৰ চিকিৎসালয়ৰ শুভাৰম্ভণি কৰা হয় অসমত।উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা বিশেষ ক'ৰ'না চিকিৎসালয়খন নিৰ্মান কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ নতুন ভৱনত।নৱ-নিৰ্মিত ক'ৰ'না চিকিৎসালয়খনত আল্ট্ৰা ভায়লেটযুক্ত ৰে'ৰ প্ৰযুক্তি।লকডাউনৰ সময়তে কানাডাৰ পৰা আনি বিশেষ প্ৰযুক্তিসমূহ চিকিৎসালয়খনত স্থাপন কৰা হৈছে।যাৰ জৰিয়তে ক'ৰ'না ভাইৰাছৰ সংক্ৰমন ৰোধ কৰিব পৰা যাব।এই কথা অৱগত কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।চিকিৎসালয়খন উদ্বোধন কৰি তেওঁ লগতে কয় যে চিম্পতমিক ক'ৰ'না আক্রান্ত ৰোগীসকলক ইয়াত চিকিৎসা কৰা হ'ব।ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন।

'উত্তৰ-পূবৰ ভিতৰতে প্ৰথমখন স্বতন্ত্ৰ ক'ৰ'না চিকিৎসালয়ত ১৮০খন বিছনা আৰু ৬০খন আইচিইউ বেড আছে।লগতে,লেব আৰু জটিল অস্ত্ৰোপচাৰ কৰিব পৰা বিশেষ কক্ষ।নতুন দিল্লীৰ এইমছত এই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে'-মন্ত্ৰী শৰ্মাই কয়।

ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়খনৰ বাবে প্ৰায় ১.৫০কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল বিশেষ বিল্ডিঙটো।ক'ৰ'না যেতিয়ালৈকে থাকিব,তেতিয়ালৈ এই চিকিৎসালয় চলি থাকিব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।  

চিকিৎসালয়খনৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত আছিল।


উল্লেখ যে ৰাজ্যত শেহতীয়াভাৱে দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা।তাৰ মাজতে ক'ৰ'না আক্ৰান্তৰ চিকিৎসাৰ  বাবে সুকীয়া চিকিৎসালয় স্থাপনে সাহস বৃদ্ধি কৰিছে ৰাজ্যবাসীৰ।

Your Comments