ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ তিনিমাহৰ পিছত গুৱাহাটী শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থা গুৰুত্বপূৰ্ণ বৈঠক।ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা আৰু শিক্ষাবৰ্ষক লৈ শৈক্ষিক সংগঠনসমূহৰ সৈতে শ্বহীদ ন্যাসত সংগঠনটো কেন্দ্ৰীয় নেতৃত্ব আলোচনাত মিলিত হয়।গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড: সমুজ্জল কুমাৰ ভট্টাচাৰ্য,সভাপতি দীপাংক কুমাৰ নাথ আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুুুল গোস্বামীৰ লগতে বহুকেইজন ব্যক্তি।বৈঠকত 'ছেবা'ই শৈক্ষিক বৰ্ষ সালসলনি কৰা আৰু অনলাইনত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা আদি বিষয়সমূহ আলোচনা কৰাৰ লগতে শৈক্ষিক বৰ্ষ ব্যাহত নোহোৱাকৈ শিক্ষাখণ্ডক আগবঢ়াই নিয়া সন্দৰ্ভত আলোচনা কৰা হয়।
অসমৰ সামাজিক পটভূমি আৰু প্ৰাকৃতিক পৰিৱেশৰ আধাৰত পূৰ্বৰে পৰা ১জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ শিক্ষাবৰ্ষ যুক্তিপূৰ্ণ আধাৰত নিৰ্ধাৰণ কৰি সৰ্বসন্মতিক্ৰমে শিক্ষাবৰ্ষ বৰ্তমান ৰূপত চলি আহিছে।কিন্তু বৰ্তমানৰ ক'ৰ'না সংক্ৰমণৰ পৰিস্থিতিৰ অজুহাত লৈ শিক্ষাবৰ্ষ সালসলনি কৰাটো গ্রহণযোগ্য নহয় বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
শৈক্ষিক সংগঠনসমূহৰ লগত কৰা সিদ্ধান্তসমূহ বৈঠকৰ অন্তত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক এক আবেদনপত্ৰৰ জড়িয়তে প্ৰদান কৰে ছাত্ৰ সন্থাই।
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ,উপদেষ্টা ড: সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ছেবাৰ অধ্যক্ষক সাক্ষাৎ কৰি বৈঠকৰ মতামতসমূহ দাখিল কৰাৰ লগতে অনলাইন পাঠদান বৰ্তমান সময়ত অসমত ফলপ্ৰসু হোৱা নাই বুলিও মতামত আগবঢ়ায়।
সাম্প্ৰতিক পৰিস্থিতিক লৈ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বছৰ ব্যাহত যাতে নহয়,তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন-পত্ৰত উল্লেখ কৰে 'আছু' নেতৃত্বই।
- Log in to post comments
- 46 views