দৈনিক মজুৰি বৃদ্ধি জবকাৰ্ডৰ:আবেদনৰ এসপ্তাহৰ ভিতৰত পাব জবকাৰ্ড

Pic

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি ফলপ্ৰসূূভাৱে ৰূপায়ন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ।গ্ৰাম্য অৰ্থনীতিৰ সবল কৰাৰ লক্ষ্যৰে 'আত্মনিৰ্ভৰশীল ভাৰত অভিযান'ৰ অংশ হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এমজিএনৰেগা আঁচনিত ক'ৰ'নাৰ বাবে বহি:ৰাজ্যৰ পৰা অহা জনতাক তথা ৰাজ্যৰ দৰিদ্ৰ জনতাক প্ৰদান কৰিব জবকাৰ্ড।এই কথা ঘোষণা মন্ত্ৰী নৱ দলেৰ।

মজুৰি বৃদ্ধিৰে প্ৰদান কৰা হ'ব কৰ্মসংস্থাপন বুলি উল্লেখ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীয়ে কয়-"লোকসকলৰ বাবে তালিকা প্ৰস্তুত কৰা হৈছে।বহি:ৰাজ্যত লোকসকলে যিসমূহ কামত জড়িত হৈ আছিল,সেই কথা সন্নিৱিষ্ট কৰা হ'ব।প্ৰয়োজন হলে তেওঁলোকৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব।"

"যিসকল লোকৰ নিৰ্মাণ কাৰ্যত দখল আছে, সেইসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামত নিয়োগ কৰা হ'ব।ফলত অধিক ফলপ্ৰসূ হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণ-কাৰ্য"-মন্ত্ৰী দলে কয়।

আবদন কৰা ৭দিনৰ ভিতৰতে প্ৰদান কৰা হ'ব জবকাৰ্ড।লগতে কাম বিচৰাৰ লগে লগে কাম দিয়া হ'ব।

মজুৰি পূর্বৰ ১৯৩ টকাৰ পৰা ২১৩লৈ বৃদ্ধি কৰা হৈছে।কামৰ অন্তত মজুৰি সময়মতে প্ৰদান কৰা হ'ব।

Your Comments