"অসমৰ 'কা' বিৰোধী সকলো গোচৰ আমাৰ ওপৰত জাপি দিয়া হৈছে"-অখিল গগৈ

Pic

কাহিলীপাৰাৰ ফৰেনসিক বিজ্ঞান সঞ্চালকালয়ত মঙলবাৰে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ,বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰক কণ্ঠস্বৰ পৰীক্ষাৰ বাবে অনা হয়।কটকটীয়া নিৰাপত্তা ব্যৱস্থাত তিনিওজন 'কা' আন্দোলনকাৰী নেতাৰ কণ্ঠস্বৰ পৰীক্ষা কৰা হয়।সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰখা হয় তিনিওজন কাৰাবন্দীক। 

তাৰ মাজতে প্ৰশাসনৰ বাধাৰ পিছতো ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়তে জয় আই অসম ধ্বনিৰে উত্তাল কৰে পৰিৱেশ। 

কৃষক নেতা অখিল গগৈয়ে সংবাদ মাধ্যমক চিঞৰি কয়-"সকলো অসমবাসী ৰাইজ ঐক্যবদ্ধ হৈ থাকক।আমাৰ ওপৰত ইটোৰ পিছত সিটো  গোচৰ লগাই আছে অন্যায়ভাৱে।অসমত 'কা' বিৰোধী যিমান গোচৰ আছে সকলো আমাৰ ওপৰত লগাই আছে।"

আনহাতে,কৃষক নেতা অখিল গগৈয়ে দিহিং পাটকাই কেতিয়াও ধ্বংস কৰিবলৈ নিদিব বুলি অসমবাসীক উদ্দেশ্য কৰি সংবাদ মাধ্যমৰ আগত কয়।

'অসমৰ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ বিজ্ঞানসন্মত কৰক।লগতে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা সকলক উপযুক্ত যাতায়ত প্ৰদানেৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰক'-অখিল গগৈয়ে কয়।

উল্লেখ যে ৰাইজৰ বাবে গগৈয়ে পত্ৰৰ জৰিয়তে নিজৰ মন্তব্য প্ৰকাশ কৰে।বিশেষ পত্ৰখনত তেওঁ উল্লেখ কৰিছে-"অসমৰ 'কা' বিৰোধী আন্দোলনৰ সকলো গোচৰ এতিয়া মোৰ ওপৰত জাপি দিয়া হৈছে।অসমবাসীয়ে সমূহীয়াভাৱে 'কা' বিৰোধিতা কৰিলে,জগৰীয়া হ'লো কেৱল মই।মোক বলিৰ পঠা কৰা হৈছে।"এনেদৰে মন্তব্য প্ৰকাশ কৰাৰ লগতে কয় যে নতুন ধাৰা জাপি দিয়াৰ লগতে বন্দীশালত চিৰদিন বান্ধি ৰখাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে।  

তেওঁ পত্ৰৰ জৰিয়তে  দাবী উত্থাপন কৰি আৰু কয়-"জনতাই দুৰ্ভোগ ভোগা হঠকাৰী কাম-কাজ বন্ধ কৰক।"


আনহাতে,অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈয়ে জানিবলৈ দিয়া মতে-"গগৈৰ বিৰুদ্ধে ১/২০২০ যি নতুন গোচৰ ৰুজু কৰিছিল,তাৰ বাবে ১২ জুনত আদালতত হাজিৰ কৰা হ'ব অখিল গগৈক আৰু সেই গোচৰত পুনৰ গ্ৰেপ্তাৰ  হোৱাৰ সম্ভাৱনা আছে অখিলৰ।

'চাবুৱা থানা,ডিব্ৰুগড় থানা আৰু  ক্ৰাইম ব্ৰান্সৰ এটা গোচৰৰ ভিত্তিত কণ্ঠস্বৰ পৰীক্ষা কৰা হয়'-অধিবক্তা গগৈয়ে কয়।

Your Comments