মঙলবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ ৰাজ্যিক কেবিনেট।বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা নতুন সিদ্ধান্ত।বৈঠকৰ অন্তত সিদ্ধান্তসমূহৰ কথা ঘোষণা কৰে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।সেই অনুসৰি -
ৰাজ্যত ক'ৰ'না সামূহিক সংক্ৰমন ৰোধৰ বাবে কোৱাৰেণ্টাইনৰ নীতি-নিয়ম কঠোৰভাৱে প্ৰয়োগ হ'ব।বাহিৰৰ পৰা কোনো লোকক কোৱাৰেণ্টাইনত নথকাকৈ ঘৰলৈ যাবলৈ দিয়া নহব।
ৰাজ্যৰ লোকবাদ্য শিল্পী,বিশেষকৈ ঢুলীয়া, নাগাৰা নাম,বেণ্ড পাৰ্টী,ওজা পালি আদি শিল্পীসকললৈ এপ্ৰিল, মে' আৰু জুন মাহত ২০০০ টকাকৈ প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য।
বানত ক্ষতিগ্ৰস্তসকলক সাহায্য ব্যৱস্থাপনা বিধি অনুসৰি সাহায্য বিতৰণ ব্যৱস্থা।লগতে পর্যাপ্ত সামগ্ৰী মজুত কৰি ৰখাৰ সমান্তৰালকৈ মথাউৰিসমূহ মেৰামতিৰ বাবে জিলা উপায়ুক্তসকলক নির্দেশ।
ক'ৰ'নাৰ তদাৰকৰ বাবে নিয়োগ কৰা মন্ত্ৰীসকলে বান পৰিস্থিতি সেইসমূহ জিলাত তদাৰক কৰিব।
বহি:ৰাজ্যত থকা আৱদ্ধ হৈ থকা ৩.৬১ লাখ লোকক এপ্ৰিল,মে' আৰু জুন মাহত ২০০০ টকাকৈ দিয়া সিদ্ধান্তৰ আজি কেবিনেটে অনুমোদন জনায়।
- Log in to post comments
- 20 views