আজিৰে পৰা দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ

Pic

'লকডাউন'ৰ মাজতে বুধবাৰৰ পৰা ৰাজ্যৰ চৰকাৰী আৰু স্বীকৃতপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষৰ ছাত্ৰ-ছাত্ৰীক যোগান ধৰা হ'ব বিনামূলীয়া পাঠ্যপুথি।নিজৰ নিজৰ বিদ্যালয়-মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক অহা ২৮ মে'লৈকে যোগান ধৰা হ'ব পাঠ্যপুথি।এই কথা  অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে এখন জাননীৰ জড়িয়তে প্ৰকাশ কৰিছে।উল্লেখ যে লকডাউনৰ বাবে ছাত্ৰ-ছাত্ৰীসকল পাঠ্যপুথি লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল।আনহাতে, জাননীখনত প্ৰকাশ পোৱা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে কোভিড-১৯ৰ সকলো স্বাস্থ্যসন্মত বিধান মানি চলি নিজ শিক্ষানুষ্ঠান অথবা নিৰ্ধাৰিত স্থানৰ পৰা সংগ্ৰহ কৰিব লাগিব পাঠ্যপুথি।

Your Comments