বহি:ৰাজ্যৰ পৰা অহা যাত্ৰীৰ সংখ্যা প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত বৃদ্ধি কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ।বহি:ৰাজ্যৰ পৰা অহা অসমৰ যাত্ৰীসকলৰ বাবে স্বাস্থ্য বিভাগৰ নির্দেশত গুৱাহাটীত মহানগৰ জিলা প্ৰশাসনে ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰাবাস আৰু ছাত্ৰীবাস ব্যৱহাৰ কৰিব কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে।কামৰূপ(ম) জিলা প্ৰশাসনে এই কথা অৱগত কৰিছে এখন জাননীৰ জৰিয়তে।
ইফালে,কামৰূপ(ম) জিলা প্ৰশাসনে প্ৰকাশ কৰা জাননী কাৰ্যকৰী ৩দিনৰ পাছত কৰিবলৈ আহ্বান জনাইছে হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকলে।প্ৰাক্তন ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক তথা মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসৰ বাসিন্দা প্ৰাঞ্জল কলিতাই ছাত্ৰ-ছাত্ৰীসকলৰ হৈ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ টুইট যোগে জনাইছে বিশেষ আহ্বান।তেওঁ টুইটটোত উল্লেখ কৰিছে এইদৰে-"মহাশয় নমস্কাৰ গ্ৰহণ কৰিব।ক'ৰ'নাৰ বাবে কটনৰ হোষ্টেলসমূহ কোৱাৰেণ্টাইন চেণ্টাৰ কৰিবলৈ বিচৰা হৈছে।যিহেতু হোষ্টেলৰ আবাসীসকল ঘৰত আছে আৰু সকলোৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ হোষ্টেলত এৰি আহিছে,সেয়েহে হোষ্টেল খালি কৰিবলৈ অন্ততঃ ৩দিন সময় দিয়ক।"
"বিশ্ববিদ্যালয় প্ৰশাসনে আৰু জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰীসকলক মঙলবাৰৰ বিয়লি চাৰি বজালৈ সময় বান্ধি দিছে হোষ্টেল খালি কৰাৰ বাবে।কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকল যোৱা ২৪মার্চৰ পৰা হোষ্টেলসমূহ বন্ধ হোৱাৰ বাবে নিজ নিজ ঘৰত আছেগৈ।যিটো নেকি মঙলবাৰ অৰ্থাৎ কাইলৈ আবেলি হোষ্টেলসমূহত থকা প্রয়োজনীয় নথি-পত্ৰসমূহ আজৰি কৰাতো সম্ভৱ নহ'ব"-প্ৰাঞ্জলে লগতে কয়।
গুৰুত্বপূৰ্ণ যে বহি:ৰাজ্যৰ পৰা যাত্ৰীৰ আগমন বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কোৱাৰেণ্টাইন কেন্দ্ৰ বৃদ্ধিৰ বাবে তৎপৰ হৈছে প্ৰশাসন।
- Log in to post comments
- 40 views