সুদীৰ্ঘ দুটা মাহৰ অন্তত সোমবাৰৰ পৰা দেশত আৰম্ভ হ'ব ঘৰুৱা যাত্ৰীবাহী বিমান চলাচল।প্ৰথম দিনটোত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত ২০-৩২খন যাত্ৰীবাহী বিমান আহিব।প্ৰতিখন বিমানত যাত্ৰী আহিব পাৰিব ১৮০জন।কাৰণ বিমানত নাথাকে কোনো সামাজিক দূৰত্ব।এই কথা প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।সোমবাৰৰ দিনটো আমাৰ বাবে প্ৰত্যাহ্বানৰ দিন বুলি উল্লেখ কৰি শৰ্মাই কয় যে কিমান যাত্ৰী কাইলৈৰ দিনটোত আহিব ভাৰত চৰকাৰে সেই কথা জনোৱা নাই।যাত্ৰাৰ ৪ ঘণ্টাৰ আগত আমাক সেই কথা অৱগত কৰিব।কিন্তু অসমত নমা যাত্ৰী আমাৰ হিচাপত ২০০০তকৈ কম নহ'ব।
গুৱাহাটীত দেওবাৰে সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়-'কোৱাৰেণ্টাইন কৰিম।দুটা মাহৰ কষ্ট নহ'লে অথলে যাব।১০০০যাত্ৰীৰ বাবে আমাৰ গুৱাহাটীত হোটেলৰ কোঠা আছে।তাতকৈ যদি বেছি যাত্ৰী গুৱাহাটীত থাকে,তেন্তে বিদ্যালয়-মহাবিদ্যালয় আৰু বিভিন্ন ভৱনৰ ব্যৱস্থা কৰিব লাগিব।'
নিজ নিজ জিলালৈ যাত্ৰীসকলক অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ জড়িয়তে লৈ যোৱা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়- "কাইলৈ যিসকল যাত্ৰী আহিব,তেওঁলোকে কষ্ট পাব পাৰে।কাৰণ আমাৰ বাবে কাইলৈৰ দিনটো প্ৰথম দিন।এজনক স্বাস্থ্য পৰীক্ষাৰ কৰা বাবে প্ৰয়োজন হ'ব ১০মিনিট।গতিকে যাত্ৰীসকল থিয় হ'ব লাগিব,প্ৰয়োজনত বৰষুণত তিতিব লাগিব।"
আনহাতে,বিমানযাত্ৰীসকলৰ কোৱাৰেণ্টাইন সন্দৰ্ভত মন্ত্ৰী শর্মাই কয় কিছু বিশেষ লোকক ষ্টাম্প মাৰি হোম কোৱাৰেণ্টাইন কৰা হ'ব।
যিসকল যাত্ৰী মাক-দেউতাক চিকিৎসালয়ত থকাৰ বাবে খবৰ ল'বলৈ আহিছে অথবা মৃত্যু হোৱাৰ বাবে সৎকাৰৰ বাবে আহিছে,সেই যাত্ৰীসকলক হোম কোৱাৰেণ্টাইন কৰা হ'ব।
দিব্যাংগ,গৰ্ভৱতী মহিলা,৭৫ বছৰৰ জ্যেষ্ঠ লোক,১০বছৰলৈকে শিশুক হোম কোৱাৰেন্টাইন কৰা হ'ব।
বিদেশৰ পৰা আহি যি যাত্ৰীয়ে ১৪দিন কোৱাৰেণ্টাইন কৰিছে অথবা ৭২ঘন্টাৰ আগত ক'ৰ'না টেষ্ট কৰি ৰিপ'ৰ্ট নিগেটিভ আহিছে,তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হ'ব।
গুৰুত্বপূৰ্ণ যে কিছু লোকক কোৱাৰেণ্টাইন কৰিব নালাগে।সেই সকল হৈছে বিমান কৰ্মচাৰী,পাইলট আদি।
যিজন ব্যক্তি পুৱা গুৱাহাটী আহি আবেলি ওভতি যাব তেওঁক কোৱাৰেণ্টাইন কৰা নহ'ব।সেই কথা স্কেনিঙৰ সময়ত যাত্ৰীজনে জনাব লাগিব।
যদি কোনো চৰকাৰী বিষয়া-কৰ্মচাৰী চৰকাৰৰ নিৰ্দেশত আহে,তেওঁলোক কোৱাৰেণ্টাইন হ'ব নালাগে।
বিমান যাত্ৰীসকলক আহ্বান জনাই মন্ত্ৰী শৰ্মাই কয়-"প্ৰথম আহিলে কষ্ট বেছি হ'ব,গতিকে অলপ লাহে লাহে আপোনালোক আহক।"
- Log in to post comments
- 17 views