প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক চিআইডিয়ে চলোৱা জেৰাৰ তীব্ৰ বিৰোধিতা দেৱব্ৰত শইকীয়াৰ

Pic

'কা' আন্দোলনেৰে  জড়িত থকাৰ অভিযোগত চিআইডিয়ে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক চমন জাৰি কৰি জেৰা কৰা কার্যৰ প্ৰতিবাদ জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।শইকীয়াই কয়-"এখন গণতান্ত্ৰিক দেশত বিৰোধী দলে চৰকাৰক সমালোচনা কৰাৰ সাংবিধানিক অধিকাৰ আছে।এই কথা কেন্দ্ৰ তথা ৰাজ্যৰ সোণোৱাল চৰকাৰে যিমান সোনকালে উপলব্ধি কৰিব,দলটোৰ প্ৰতি মংগলদায়ক হ'ব।"

"অসমত যিসময়ত 'কা' বিৰোধী আন্দোলন হৈছিল,'কা' যিহেতু অসম চুক্তি বিৰোধী আছিল,সেয়ে কংগ্ৰেছে তাৰ প্ৰতিবাদ কৰিছিল।প্ৰতিবাদ অসমৰ স্বাৰ্থত আছিল। কেতিয়াও ভুল হোৱা নাছিল"-শইকীয়াই কয়।লগতে অসমৰ অবৈধ কাম-কাজৰ বিৰুদ্ধে কংগ্ৰেছ দলে সদায়  প্ৰতিবাদ কৰি যাব বুলি তেওঁ কয়।

"গণতান্ত্ৰিক অধিকাৰ আছে,চৰকাৰৰ ভুল নীতিক সমালোচনা কৰিব পাৰো।কিন্তু চৰকাৰৰ ভুল নীতিক সমালোচনা কৰাৰ বাবেই বিজেপি দলে যি দমনমূলক নীতি গ্ৰহণ কৰি কংগ্ৰেছ দল আৰু চৰকাৰ বিৰোধী অন্য দলৰ নেতাসকলক জেললৈ নিক্ষেপ কৰিবলৈ চেষ্টা চলাই আছে,ই অতি দূৰ্ভাগ্যজনক'-বিৰোধী দলপতি শইকীয়া‌ই কয়।

চৰকাৰক আহ্বান জনাই শইকীয়া‌ই কয় যে সংবিধান আৰু গণতন্ত্ৰক পদাঘাত কৰা কাৰ্যৰ পৰা বিৰত থাকক।কংগ্ৰেছ দলে সদায় ৰাইজৰ স্বাৰ্থত মাত মাতি যাব।

Your Comments