দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ।দিহিং পাটকাইৰ পাহাৰত উপস্থিত হৈ জাতীয় সংগঠনটোৱে সামাজিক দূৰত্ব ৰক্ষা কৰি হাতে-হাতে প্লে'কাৰ্ড লৈ ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকি কয়-"কোনো কাৰণত এই অভয়াৰণ্য ধ্বংস হ'বলৈ দিয়া নহ'ব।ঐতিহাসিক পাহাৰৰ এইখন বনাঞ্চল।ইয়াক খান্দি ইয়াৰ পৰা কয়লা উলিয়াই নিয়াটোৰ আমি সদায় বিৰোধিতা কৰিছোঁ।"
"১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনতো ইয়াত অবৈধভাৱে কয়লা খনন হৈ আছিল।কিন্তু সোণোৱাল চৰকাৰখনো ইয়াৰ ব্যতিক্ৰম নহ'ল"-চাংমাইয়ে কয়।
"অসমৰ কোনো মানুহে দিহিং পাটকাইত কয়লাৰ মুক্ত খনন হোৱাতো নিবিচাৰে।এই বনাঞ্চলত প্ৰচুৰ সম্ভাৱনা নিহিত হৈ আছে।গতিকে চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক"- চাংমাইয়ে লগতে কয়।
গুৰুত্বপূৰ্ণ যে লকডাউনৰ মাজতে চৰকাৰে গোপনে দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদান কৰিছিল।তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিষয়টো সন্দৰ্ভত আৰম্ভ হৈছিল ব্যাপক চর্চা।
- Log in to post comments
- 15 views