অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ নেতা তথা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিআইডিৰ জেৰা।গুৱাহাটীৰ চিআইডিৰ কাৰ্যালয়ত প্ৰাক্তন বিধায়ক বৰগোঁহাইক দুঘণ্টা ধৰি চলোৱা হয় জেৰা।উল্লেখ যে ৩০/২০১৯ নম্বৰ গোচৰৰ ভিত্তিত চিআইডিয়ে প্ৰাক্তন বিধায়ক বৰগোঁহাইলৈ চমন জাৰি কৰিছিল।'কা' আন্দোলনত জড়িত থকাৰ অভিযোগত চমন দিয়া হৈছিল বিধায়কগৰাকীক।
ইফালে,জেৰাৰ অন্তত কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সমগ্ৰ বিষয়টোক এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে।তেওঁ কয়-"শৃংখল চলিহাৰ লগত লোকসভাৰ নিৰ্বাচনৰ সময়ত ডেৰ মিনিটৰ মোবাইলত বাৰ্তালাপৰ বাবে মোক মতা হৈছিল।শৃংখলৰ লগত ডাঙৰ সম্পৰ্ক থকা বুলি কৈছিল।"
তাৎপৰ্যপূৰ্ণ যে বিধায়কগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি 'কা' আন্দোলনৰ ৯ মাহৰ পূৰ্বে শৃংখলৰ লগত কথা পতাৰ তথ্য পাইছে।তাৰ পিছত মই কেনেকৈ 'কা'ৰ লগত জড়িত থাকিলোঁ বুলি তদন্তকাৰী দলক প্ৰশ্ন কৰাত তেওঁলোকে এটা এংগোল পোৱা বুলি কয়।সেই প্ৰসঙ্গত তেওঁ কয়-"চৰকাৰৰ সমাজবিৰোধী কাম-কাজত মাত মাতিছোঁ আৰু মাতিম।কিন্তু এইধৰণৰ ষড়যন্ত্ৰই গণতন্ত্ৰ ধ্বংস কৰিব।"
মই কোনো অধিবক্তাৰ সৈতে কথা পতা নাই।যদি মোক কোনোবাই কয় আপুনি ভিতৰত সোমাই থাকিব লাগে তেন্তে মই জেললৈ যাবলৈ সাজু।
"কা'ৰ ময়ো বিৰোধিতা কৰোঁ,কিন্তু যিসকলে আন্দোলনটোৰ নেতৃত্ব লৈছিল,সেইসকলৰ ওপৰত মোৰ কোনো বিশ্বাস নাছিল।কাৰণ, লোকসভাৰ নিৰ্বাচনৰ সময়ত সেইসকল নেতাক মই ওচৰৰ পৰা মুখাখন দেখা পাইছোঁ।কি দৰে আহি,কি ব্যৱস্থাৰ মাধ্যমেৰে মানুহৰ লগত কথা পাতে দেখিছোঁ।সেই বাবে নিজৰ নেতৃত্বত যাম,অসমীয়া মানুহৰ লগত থাকিম।চিআইডি,নিয়া যিয়ে মাতে 'কা' বিৰোধিতা কৰি যাম"-প্ৰাক্তন বিধায়ক বৰগোঁঁহাইয়ে কয়।ৰাজনীতি একে নাথাকে।আমাৰো ৩০-২৫বছৰ ৰাজনীতি কৰা সময় আছে।তাৰ মাজত পাঁচ বছৰতো পাম,নিশ্চয় ৰাইজক জনাম।
"এবছৰৰ পূর্বৰ ফোনকলৰ ভিত্তিত চমন দিয়াটো ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ।আমি ১৫বছৰ শাসনত থাকি এনেকুৱা কাম কৰা নাছিলোঁ"-বিধায়ক সুশান্তই কয়।
ৰাজনীতি পাকিস্তান-ভাৰতৰ যুদ্ধ নহয়।মত প্ৰকাশৰ পদ্ধতি।চৰকাৰে সুবিধা নিদি বিপদজনক ৰাজনীতিৰ বাট মুকলি কৰা বুলি উল্লেখ কৰি তেওঁ আৰু কয়-"পূৰ্বতে ৰাজনৈতিক মতবিৰোধ থকা ব্যক্তিয়ে একেখন টেবুলত বহি সিদ্ধান্ত লোৱাৰ পৰিৱেশ আছিল।কিন্তু বৰ্তমান সেয়া নাইকিয়া হৈছে।"
গুৰুত্বপূৰ্ণ যে পূৰ্বতে তদন্তকাৰী সংস্থাটোৱে যিটো গোচৰত 'কা' আন্দোলনৰ নেতা কৃষক নেতা অখিল গগৈ,শৃংখল চলিহা,বিতু সোণোৱাল,ধৈৰ্য কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিল সেই একেটা গোচৰতে মতা হৈছিল প্ৰাক্তন বিধায়কগৰাকীক।ইফালে বৰগোহাঁইৰ সৈতে আন চাৰিজনলৈও চমন দিছিল চিআইডিয়ে।তেওঁলোক হৈছে অৰূপ তালুকদাৰ,দুলীয়াজনৰ যুৱ কংগ্ৰেছৰ সভাপতি মনোজ কুমাৰ ভৰালী।
- Log in to post comments
- 23 views