'লকডাউন'ৰ ফলত বহি:ৰাজ্যত আৱদ্ধ হৈ থকা দুৰ্দশাগ্ৰস্ত শ্ৰমিক যিসকল বাছেৰে অসমলৈ ঘূৰি আহিবলৈ বিচাৰিছে,সেইসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।মানৱীয়তাৰ খাতিৰত প্ৰাক্তন মুখ্যমন্ত্রী গগৈয়ে পিতৃ-মাতৃৰ নামত থকা 'উষা-কমল গগৈ সোঁৱৰণী ট্ৰাষ্ট'ৰ পৰা ৫ লাখ টকা সেই সকল শ্ৰমিকৰ বাবে সাহায্য ঘোষণা কৰিছে।
সাহায্য ঘোষণা কৰি প্ৰাক্তন মুখ্যমন্ত্রী গগৈয়ে কয়-'কৰনা অতিমাৰীৰ প্ৰভাৱ ভাৰতবৰ্ষত ব্যাপক হাৰত পৰিছে জীৱন নিৰ্বাহৰ কাৰণে অসমৰ পৰা হাজাৰ হাজাৰ লোকে ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ কাম কৰি আছিল।বৰ্তমান ক'ৰ'না বিভীষিকাৰ আতংকময় পৰিৱেশত এই দুৰ্ভগীয়া লোকসকলে জীৱিকা হেৰুৱাব লগা হোৱাত তেওঁলোকক অসমলৈ ঘুৰাই অনাৰ বাবে অসম চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিফল হৈছে।"
"বিভিন্নজন দুদৰ্শাগ্ৰস্ত লোকে মোক ব্যক্তিগতভাৱে তেওঁলোকক অসমলৈ ঘূূৰাই অনাৰ কথা কৈছে।মানৱীয়তাৰ খাতিৰত তেওঁলোকক অসমলৈ বাছেৰে ঘূৰি আহিবলৈ যি অৰ্থৰ প্ৰয়োজন হ'ব,তাৰ বাবে মোৰ পিতৃ-মাতৃৰ নামত থকা 'উষা-কমল গগৈ সোঁৱৰণী ট্ৰাষ্ট'ৰ পৰা ৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছোঁ"- গগৈয়ে লগতে কয়।
উল্লেখ যে এই ধনৰাশি শ্ৰমিকসকল অসমলৈ আহিবৰ বাবে বাছৰ খৰচৰ বাবদ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 33 views