'দিহিং পাটকাইত পুঁজিপতিক কয়লা খননৰ অনুমতি প্ৰদান কৰি ভয়ংকৰ বিপদলৈ ঠেলি দিছে ভাৰতবৰ্ষ আৰু অসমক'

Pic

দিহিং পাটকাই বর্ষাৰণ্য ধ্বংস কৰি কয়লা খননৰ বাবে দিয়া অনুমতিক তীব্ৰ বিৰোধিতা কৃষক মুক্তি সংগ্রাম সমিতিৰ।সংগঠনটোৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহানে অভয়াৰণ্যখন ধ্বংস কৰি কয়লা খনন কৰিবলৈ কেন্দ্ৰ সাজু হোৱা কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহণা জনায়।তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয় -"ঘৰৰ দামী সম্পত্তি বিক্ৰী কৰি নিচা খোৱা মানুহৰ দৰে আচৰণ কৰিছে।দিহিং পাটকাই পুঁজিপতিৰ হাতত বিক্ৰী কৰি কয়লা খননৰ অনুমতি প্ৰদান কৰি ভয়ংকৰ বিপদলৈ ঠেলি দিছে ভাৰতবৰ্ষ আৰু অসমক।মোডী যেতিয়াৰে পৰা ক্ষমতালৈ আহিছে,অসমৰ বাবে কোনো এটা কাম ভাল হোৱা নাই।"

Pic

"মোডীৰ শাসন মান আৰু ব্ৰিটিছতকৈ ভয়ংকৰ অসমৰ বাবে।কাৰণ তেওঁ অসমৰ সকলো সম্পত্তি পুঁজিপতিৰ হাতত বিক্ৰী কৰি দিছে।অভয়াৰণ্য এখন বিক্ৰী কৰি দিয়াটো কোনো সুস্থ বিবেকৱান মানুহৰ কাম নহয়"- ছাহজাহানে লগতে কয়।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মোডীৰ এজেণ্ট বুলি আখ্যা দি কৃষক নেতাগৰাকীয়ে কয়-"মানুহ হোৱাৰ যোগ্যতা নাই সোণোৱালৰ।কাৰণ বর্ষাৰণ্যখন বিক্ৰী কৰাৰ সিদ্ধান্তৰ পিছতো ক্ষমতাৰ বাবে মনে-মনে আছে।"

"কৃষক নেতা অখিল গগৈক জেলত ভৰাই লকডাউনক সুযোগ হিচাপে গ্ৰহণ কৰি ভুল-জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে।যাতে তেওঁলোকৰ সিদ্ধান্তৰ বিৰুদ্ধে কোনেও যাতে মাত মাতিবলৈ নোৱাৰে"-ছাহজাহানে লগতে কয়।সংগঠনটোৰ হৈ উপদেষ্টাগৰাকীয়ে দাবী জনাই কয়-"আমাৰ জৈৱ-বৈচিত্ৰৰ পৰিৱৰ্তন কৰি বিপদ হ'ব পৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰক।অন্যথা লকডাউন খোলাৰ পিছত কেন্দ্ৰ-ৰাজ্য কোনো এখন চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ'ব।"

Your Comments