চতুৰ্থ পৰ্য্যায়ৰ লকডাউনৰ ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ যৌথ সংবাদমেল।কেন্দ্ৰীয় কেবিনেট সচিবৰ সৈতে বৈঠকৰ পিছতে নতুন লকডাউনত কি কি নিয়ম মানিব লাগিব ৰাজ্যবাসীয়ে সেই সন্দৰ্ভত বিতংকৈ দাঙি ধৰে।
সেই অনুসৰি চতুৰ্থ পৰ্যায়ৰ লকডাউনত বাহাল থাকিব-
• পূৰ্বৰ ধৰণেৰে বন্ধ থকা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব।
• ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈসকলে খেলিব পাৰিব, অৱশ্যে কোনো লোক সমাগম হ'ব নোৱাৰিব।
• সমগ্ৰ দেশৰ দৰে ৰাজ্যতো সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ বাহাল থাকিব লকডাউন কাৰ্ফিউ।
• কনটেইনমেন্ট জ'নসমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব।
• আৰক্ষীক কোনো কাৰণত বাধা নিদিব জনতাই।সহযোগ কৰক প্ৰশাসনৰ সকলো কাৰ্য্যত।এই আহ্বান আৰক্ষী সঞ্চালক প্ৰধান মহন্তৰ।
• চৰকাৰী কাৰ্যালয়সমূহত১০০% উপস্থিতি কৰা হ'ব অচিৰেই।অৱশ্যে এতিয়ালৈ জাননী প্ৰকাশ হোৱা নাই।একে নিয়ম অনুসৰণ হ'ব ব্যক্তিগত খণ্ডতো।
• ২০০ৰো অধিক লোক ক'ৰ'না আক্রান্ত জিলাক ৰেড জ'ন ঘোষনা কৰা হ'ব।যানবাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশ থাকিব।
• সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব।
এই ক্ষেত্ৰত নিৰ্দেশ নামানিলে অধিক কঠোৰ হ'ব প্ৰশাসন।
*পদপথৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব।কিন্তু শাক-পাচলি, মাছ-মাংসৰ বজাৰ বন্ধ থাকিব।আগতে যিধৰণেৰে শাক-পাচলি,মাছ-মাংসৰ যোগান চলি আছিল,তেনেকৈ চলি থাকিব।ইয়াৰ উপৰি শ্বপিং মল অথবা মাৰ্কেট খুলিব নোৱাৰিব।
- Log in to post comments
- 117 views