২৪ সংখ্যক মৃত্যু বার্ষিকীত পৰাগ কুমাৰ দাসক স্মৰণ

Pic

অসমৰ সংবাদ জগতৰ আদৰ্শৰ প্ৰতীক তথা সত্য-ন্যায়ৰ পক্ষত থাকি মানৱ অধিকাৰৰ হকে সদায় যুঁঁজ দিয়া প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৪সংখ্যক মৃত্যু বার্ষিকী।গুৱাহাটীৰ ৰাজগড়ত থকা প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিমূৰ্তিত আজি পুৱাই পৰিয়ালৰ সদস্যসকলে শ্ৰদ্ধাঞ্জলি জনায়।দেশত চলি থকা লকডাউনৰ বাবে কেৱল পৰিয়ালৰ সদস্যসকলে প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনায়।পত্নী,পুত্ৰ,কন্যা আৰু ভাতৃয়ে সাংবাদিকগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ,বন্তি প্ৰজ্বলন কৰে।

উল্লেখ যে ২৪ বছৰৰ পূৰ্বে আজিৰ দিনটোতে গুৱাহাটীৰ ৰাজপথত আততায়ীৰ গুলীত মৃত্যু হৈছিল বিশিষ্ট সাংবাদিকগৰাকীৰ।গুৰুত্বপূৰ্ণ যে থলুৱা অৰ্থনীতিৰে স্বাৱলম্বী হোৱাৰ বাবে তেওঁ সেই সময়তে সকলোকে আহ্বান জনাইছিল।

Pic

তাৎপৰ্যপূৰ্ণ যে গুৱাহাটীৰ ৰাজপথত দিনৰ পোহৰতে হত্যা কৰা সাংবাদিকগৰাকীৰ হত্যাকাৰী কোন আছিল,সেয়া আজিও পোহৰলৈ নাহিল।পৰিয়াল আশাবাদী যে তেওঁৰ হত্যাকাৰীয়ে শাস্তি পাব।

উল্লখ যে পৰিয়ালৰ তৰফৰ পৰা জনোৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা প্ৰয়াত দাসৰ সহযোগী মনোৰম গগৈ।'বুধবাৰ' নামৰ কাকতখনত দাসৰ সান্নিধ্যত থাকি সাংবাদিকতাৰ ক্ষেত্ৰখনত আগবাঢ়িছিল গগৈ।সেই কথা সোঁৱৰণ কৰি তেওঁ কয়-"অসমৰ  জাতীয় জীৱনৰ বাবে আজিৰ দিনটো এটা দুৰ্যোগৰ দিন।দেশৰ সৰ্বোচ্চ তদন্তকাৰী  সংস্থাৰ তদন্তৰ পিছতো পৰাগ কুমাৰ দাসৰ হত্যাকাৰী চিনাক্ত নহ'ল।সন্মানীয় ন্যায়ালয়ে হাত-দাঙি দিলে চিনাক্ত কৰিবলৈ নোৱাৰি।এই কথাটোৱে এটা ডাঙৰ ইংগিত বহন কৰিছে যি হত্যাত ৰাজনীতি জড়িত থাকে,তেনে হত্যাৰ হত্যাকাৰীক চিনাক্ত  কৰিবলৈ নোৱাৰি।"

যুৱ-প্ৰজন্মৰ বুকুৱে-বুকুৱে পৰাগ কুমাৰ  দাস শিপাই যোৱাতো আমাৰ বাবে প্ৰাপ্তি।যাক নেকি কোনো সামৰিক শক্তি তথা স্বেচ্ছাচাৰী শাসকে উলিয়াই পেলাবলৈ সক্ষম নহ'ব- গগৈয়ে লগতে কয়। 
 
অধিবক্তা অৰূপ বৰবৰা শ্ৰদ্ধাঞ্জলি স্থলীত উপস্থিত থাকে।

Your Comments