'বোৰ্খা পিন্ধি আপোনালোকে ঈদৰ কাপোৰ আনিবলৈ গৈছে নে ক'ৰ'না আনিবলৈ বজাৰ  গৈছে'-আজমল

Pic

মহামাৰী ক'ৰ'নাৰ সৈতে সমগ্ৰ বিশ্বই যুঁজি আছে।দেশতো ঘোষণা কৰা হৈছে লকডাউন।লকডাউন চলি থকাৰ সময়ত যাতে কোনো ইছলাম ধৰ্মীয় লোকে যাতে ঈদৰ বজাৰ কৰিবলৈ নাযায়।এই গুৰুত্বপূর্ণ  আহ্বান এআইইউডিএফ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ।তেওঁ কয়-"সংবাদ মাধ্যমত দেখিছোঁ হোজাই,বৰপেটা,কলগাছিয়া আদি বজাৰত আমাৰ মুছলমান মহিলাসকলে বোৰ্খা পিন্ধি-পিন্ধি ভিৰ লগাই বজাৰলৈ গৈছে।সেইসকললৈ মোৰ প্ৰশ্ন-বেমাৰ কিনিবলৈ গৈছে নে কাপোৰ কিনিবলৈ গৈছে?"

প্ৰতিগৰাকী মুছলমান মহিলাক হাতযোৰ কৰি মই আহ্বান জনাইছোঁ আপোনালোকে বজাৰৰ পৰা আঁতৰত থাকক।এইবাৰ ঈদত নতুন কাপোৰ পিন্ধাৰ কোনো প্ৰয়োজন নাই।লাখ-লাখ মা-ভনী খাবলৈ নাপাই ভোকত আছে।তেওঁলোকে কান্দি আছে।

"বজাৰৰ পেকেটত আপুনি গম নোপোৱাকৈ ক'ৰ'না বেমাৰ আহিব পাৰে।তেতিয়া ঈদৰ কাপোৰতকৈ ক'ৰ'না কিনি অনা হ'ব।যি বেমাৰে মৃত্যু নমাই আনিব পাৰে আপোনাৰ লগতে পৰিয়ালৰ"-আজমলে লগতে কয়।

"এইবাৰৰ ঈদত নতুন নহয় পুৰণি কাপোৰ ভালদৰে ধুই সকলোৱে পিন্ধিব।এয়া নতুন কাপোৰ লোৱা বতৰ নহয়"-আজমলে লগতে কয়।

Your Comments