ধুবুৰী,গোৱালপাৰা,বঙাইগাঁও,মৰিগাঁও, নলবাৰী আদি জিলাত ৪-৫জন কোভিড-১৯ ৰোগী ধৰা পৰাৰ পিছতে ৰেড অথবা অৰেঞ্জ জ'ন ঘোষণা কৰা হৈছিল।কিন্তু শেহতীয়াভাৱে কামৰূপ(ম) জিলাত ২৮গৰাকীকৈ কোভিড-১৯ আক্রান্ত ধৰা পৰাৰ পিছতো কিয় নিদিষ্ট জ'ন ঘোষণা হোৱা নাই!চৰকাৰী ব্যৱস্থাৰ এয়া এক বৈষম্য নহয় নে- চৰকাৰলৈ মুকলি প্ৰশ্ন 'আছু'ৰ সভাপতি দীপাংক নাথৰ।"অৰেঞ্জ জ'ন ঘোষণা হোৱা জিলাকেইখনত আজি ৫০দিনতকৈ অধিক সময় সাধাৰণ জনতা,দিন হাজিৰা কৰি খোৱা ব্যক্তি তথা ব্যৱসায়ীসকলে জীয়াতু ভুগিব লগা হৈছে।কিছুসংখ্যক লোকে চৰকাৰী সুবিধা পাইছে যদিও বহুলোক বঞ্চিত হৈছে"-নাথে লগতে কয়।
'দীৰ্ঘদিন ধৰি নিৰ্দিষ্ট জ'নত থকাৰ বাবে অঞ্চলটোৰ ৰাইজে ঘৰতে উৎপাদিত কৰা সামগ্ৰী বিক্রীৰ বাবে নিলে খেদি পঠিওৱা হয়।বিভিন্ন চিকিৎসাজনিত কাৰণ তথা অন্য কামত সেই জিলাকেইখনৰ মানুহ গুৱাহাটীলৈ যাব লগা হ'লে বিভিন্ন নীতি-নিয়মৰ মাজেৰে যাব লগা হৈ আছে'- সভাপতি নাথে লগতে কয়।
মই যি ক'ম তাকে শুনিব লাগিব আৰু মই যি দেখাম তাকে চাব লাগিব-এই মনোবৃত্তিৰ মাজেৰে চৰকাৰ চলা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি নাথে কয়-"অন্য জিলাত ৪-৫ জন কোভিড-১৯ আক্রান্ত ধৰা পৰিলে অৰেঞ্জ জ'ন ঘোষণা হয়।কিন্তু কামৰূপ(ম) জিলাত ২৮ জন ধৰা পৰাৰ পিছতো কোনো জ'নৰ আওঁতালৈ নাহিল।"
"অন্য ৰোগ দেখাবলৈ যোৱা ৰোগীসকলৰ কোভিড-১৯ পৰীক্ষাৰ ফলাফল সোনকালে দিয়াৰ ব্যৱস্থা কৰিব লাগে।কাৰণ বৰ্তমান তিনি-চাৰিদিনৰ পিছত কোভিড-১৯ ফলাফল পোৱাৰ পিছত বহুত ৰোগী চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যু হ'ব লগা হৈছে।যাৰ সংখ্যা কোভিড-১৯ৰ মৃত্যুৰ সংখ্যাতকৈ বেছি"- নাথে লগতে কয়।
- Log in to post comments
- 26 views