'থলুৱা সম্পদেৰে দখল কৰিব লাগিব বিশ্বৰ বজাৰ'-মুখ্যমন্ত্ৰী সোণোৱাল

Pic

দুসপ্তাহ লকডাউন বৃদ্ধিৰ কেন্দ্ৰক আহ্বান ৰাজ্য সোনোৱাল চৰকাৰৰ

 

"লকডাউনৰ ফলত অৰ্থনৈতিক কাম-কাজসমূহ বন্ধ হৈ থকাৰ বাবে ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হৈছিল।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ 'আত্মনিৰ্ভৰশীল ভাৰত অভিযান'ৰ অৰ্থনৈতিক পেকেজে সেই সমস্যা দূৰ কৰিব"-এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সম্বোধন কৰা সংবাদমেলত তেওঁ কয় - 'অৰ্থনৈতিক পেকেজে ৰাজ্যখনক অধিক উপকৃত কৰিব।লকডাউনে বিধ্বস্ত কৰা ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ গঠনত সহায় কৰিব।'

উল্লেখ যে লকডাউনৰ বাবে প্ৰতিদিনে ৰাজ্য চৰকাৰে এহাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়-'আঁচনিখনত ক্ষুদ্ৰ,অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ঘোষণা কৰা সবল পুঁজিয়ে অসমৰ উদ্যোগ ক্ষেত্ৰখনক    অধিক উপকৃত কৰিব।কাৰণ ৰাজ্যৰ ৯৯.৯ শতাংশ উদ্যোগ মজলীয়া,ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ।'

প্রধানমন্ত্ৰী মোডীয়ে কোৱা লোকেল,ভ'কেল আৰু গ্লোবেল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- "থলুৱা সম্পদ উৎপাদন কৰাত অধিক প্ৰাধান্য দিয়াৰ লগতে বিশ্ববজাৰো দখল কৰিব লাগিব আমাৰ সম্পদে।তাৰ বাবে আমাৰ ৰাজ্যত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।"

সুযোগৰ সদব্যৱহাৰ কৰাৰ আহ্বান জনাই সোণোৱালে কয়-'ৰাজ্যত প্ৰায় এক লাখ ক্ষুদ্ৰ-অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে।'

সমাজৰ দুৰ্বল ব্যক্তিক সবল কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে মোডীৰ প্ৰতি জনতা বিশ্বাস বৃদ্ধি পাইছে।বিশ্বৰ বুকুতে বিৰল ইতিহাস  প্ৰধানমন্ত্ৰীৰ মোডীয়ে দেশত গঢ় দিবলৈ সক্ষম হৈছে।যাৰ বাবে ১৩৫ কোটি জনতাই মোডীৰ আহ্বানলৈ সঁহাৰি জনাই লকডাউন সফল কৰি তুলিছে।মুখ্যমন্ত্ৰী সোণোৱালে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে যি কয়,তাকে নিষ্ঠা আৰু সততাৰে পালন কৰে।তাৰ বাবে মোডীক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী সোণোৱালে।

ভাৰত চৰকাৰৰ পৰা অৰ্থনৈতিকভাৱে সহযোগিতা বিচাৰিছে অসম চৰকাৰে।লগতে চতুৰ্থ পৰ্যায়ৰ লকডাউন দুটা সপ্তাহ বৃদ্ধিৰ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰাৰ কথা সংবাদ মেলত সোণোৱালে কয়। 

'ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ পুনৰ নিৰ্মাণৰ বাবে কৃষি খণ্ডক অধিক প্ৰধান্য দিয়া হ'ব।দেশ-বিদেশত থকা কোনো অসমীয়া নিসংগ নহয়।ৰাজ্য চৰকাৰ সদায় আছে'-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।

উল্লেখ যে সংবাদ মেলত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,আইন উপদেষ্টা শান্তনু ভঁড়ালী।

Your Comments