মাতৃৰ বাবে সন্তান কিমান আপোন হ'ব পাৰে,তাকে পুনৰবাৰ প্ৰমাণ কৰিলে অসমৰ এগৰাকী মাতৃয়ে।সন্তানৰ স্বাৰ্থত মৃত্যুলৈ ভয় নকৰি ক'ৰ'নাত সংক্ৰমিত হোৱা ১৩বছৰীয়া কন্যা সন্তানৰ সৈতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কোভিড-১৯ কক্ষত আছে এগৰাকী সুস্থ মাতৃ।উল্লেখ যে মৰমৰ ১৩ বছৰীয়া কন্যা সন্তানৰ হৃদপিণ্ডৰ অস্ত্ৰোপচাৰ কৰি মুম্বাইৰ পৰা ঘূৰি অহাৰ পিছতে বৃৃহস্পতিবাৰে কন্যা সন্তানৰ দেহত ধৰা পৰে মহামাৰী কোভিড-১৯।যিহেতু হাৰ্ট অপাৰেচন হৈ যোৱা ১৩বছৰীয়া কণমানি সন্তানক অকলে কোভিড-১৯ কক্ষত থোৱাটো সম্ভৱ নহয়,গতিকে সংক্ৰমণৰ শংকাকো তুচ্ছ জ্ঞান কৰি সন্তানৰ জীৱন সুৰক্ষাৰ স্বাৰ্থত মাতৃয়ো কোভিড-১৯ আক্রান্ত সন্তানৰ লগত জিএমচিএইচত আছে।এই কথা সংবাদ মেলত প্ৰকাশ কৰিলে মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।তেওঁ মাতৃগৰাকীৰ সন্তানৰ প্ৰতি থকা স্নেহক প্ৰণাম জনায়।
- Log in to post comments
- 28 views