কঠোৰ অসম আৰক্ষী:"কণ্টেইনটেন্ট জ'নৰ পৰা বাহিৰলৈ জনসাধাৰণ ওলাই নাহিব"-এডিজিপি জি পি সিঙৰ টুইট

Pic

শেহতীয়াভাৱে কামৰূপ মহানগৰ জিলাত ক'ৰ'না আক্রান্তৰ ঘটনাই অধিক চিন্তিত কৰিছে ৰাজ্যৰ জনতাক।বুধবাৰে ১৫ জনকৈ ব্যক্তিৰ দেহত  কোভিড-১৯ ভাইৰাছ ধৰা পৰাৰ পিছত জিলাখনত সৰ্বমুঠ আক্রান্তৰ সংখ্যা হৈছেগৈ ২২জন।তাৰে এজন ব্যক্তি সুস্থ হোৱাৰ বিপৰীতে ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ ইতিমধ্যে মৃত্যু হৈছে।বাকী ২০ গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে।

উল্লেখ যে ৰাজ্যখনৰ ৰাজধানী থকা জিলাখনত দ্ৰুত গতিত কোভিড-১৯ আক্রান্তৰ ঘটনা বৃদ্ধি পোৱাৰ পিছতে অধিক তৎপৰ তথা কঠোৰ হৈ পৰিছে অসম আৰক্ষী। 

টুইটাৰৰ জৰিয়তে কণ্টেইনমেণ্ট জ'নৰ পৰা কোনো ব্যক্তি যাতে বাহিৰলৈ নোলায়,তাৰ বাবে জনসাধাৰণক আহ্বান জনাইছে অসম আৰক্ষীৰ আইন-শৃংখলা শাখা অতিৰিক্ত সঞ্চালক জি পি সিঙে।জনসাধাৰণক উদ্দেশ্য কৰি টুইটত তেওঁ কয়-"অতি বিনম্ৰ অনুৰোধ যাতে কণ্টেইনমেণ্ট জ'নৰ পৰা বাহিৰৰ জিলালৈ জনসাধাৰণে আন্তঃজিলা ভ্ৰমণ কৰিবলৈ অনুমতি পত্ৰ নিবিচাৰিবকণ্টেইনমেণ্ট জ'নৰ পৰা ভ্ৰমণ কৰি অসমৰ ৩.৩ কোটি জনতালৈ বিপদ কঢ়িয়াই নানিব।"

উল্লেখ যে ৰাজ্যৰ কণ্টেইনমেণ্ট জ'নসমূহৰ লোকসকলক বাহিৰলৈ আহিবলৈ অনুমতি দিয়া নহ'ব বুলি  তেওঁ টুইটত স্পষ্টভাৱে উল্লেখ কৰিছে।

গুৰুত্বপূৰ্ণ যে গুৱাহাটীত ১৫ গৰাকী ব্যক্তিৰ দেহত মাৰাত্মক ভাইৰাছ ধৰা পৰাৰ পিছত  ফাঁচীবজাৰ,ফটাশীল আমবাৰী,পাণবজাৰ ৰে'লৱে ক'লনী,শান্তিপুৰ আশ্ৰম ৰোড, কুমাৰপাৰাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। 

ইয়াৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১নং আৰু ৫নং হোষ্টেল,আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ছোৱালী হোষ্টেল,বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰী ক'লনী, চানমাৰী অমিয় নগৰক ঘোষণা হৈছে    কণ্টেইনমেণ্ট জ'ন হিচাপে।

Your Comments