বৃহস্পতিবাৰে পুৱা ৫ বজাত মৰিয়নী ষ্টেচনত উপস্থিত হয় দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী বিশেষ যাত্ৰীবাহী ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীখন।বিশেষ ৰেলগাড়ীখনৰ পৰা মৰিয়নী ৰে'ল ষ্টেছনত ৩৭গৰাকীকৈ যাত্ৰী নামে।যাত্ৰীসকল হৈছে যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলা।উল্লেখ যে শিৱসাগৰ আৰু গোলাঘাট জিলাৰ যাত্ৰীসকলক নিজৰ জিলালৈ লৈ যোৱাৰ বিপৰীতে যোৰহাট জিলাৰ যাত্ৰীসকলক কাজিৰঙা বিশ্ব-বিদ্যালয়ত কৰা হয় কোৱাৰেণ্টাইন।
আনহাতে,ৰে'লখন আহি পোৱাৰ সময়ত মৰিয়নী ৰে'ল ষ্টেচনত উপস্থিত থাকে মৰিয়নী সমষ্টি বিধায়ক ৰূপজ্যোতি কুর্মী।যাত্ৰীসকলৰ স্কেনিং ব্যৱস্থা বিধায়কগৰাকীয়ে তদাৰক কৰে।তেওঁ কয়-'আমাৰ ভয় লাগি আছিল, চিন্তিত হৈছিলোঁ কোনোবা কোভিড-১৯ ৰোগী ৰেলখনত আহিলে কি হ'ব।কিন্তু ভাল লাগিল ৰেলখনৰ পৰা যেতিয়া যাত্ৰীসকল নামিল।কোনো যাত্ৰীৰ মুখত ভাগৰুৱা ভাব দেখা নাপালোঁ।জ্বৰ-চৰ্ডী-কাঁহো কোনো যাত্ৰী নাই।এনেকুৱা লাগিছে কোভিড-১৯ৰ পৰা বাচিছোঁঁ।কোভিদ-১৯ ৰোগী ৰেলখনত অহা নাই বুলি ধাৰণা হৈছে।"
"যোৰহাট জিলাৰ যাত্ৰীসকলক পৰৱৰ্তী সময়ত নিজ-নিজ সমষ্টিত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰসমূহলৈ লৈ যোৱা হ'ব কোৱাৰেন্টানলৈ লৈ যোৱাৰ সময়ত আমি তীক্ষ্ণভাৱে নজৰ ৰাখিব লাগিব।সেই সময়ত অঞ্চলবাসীয়ে আঁতৰৰ পৰা অৰ্থাৎ ঘৰলৈ নাহি আপোন মানুহ হিচাপে সহায় কৰিব লাগিব।"-বিধায়ক কুৰ্মীয়ে কয়।
- Log in to post comments
- 45 views