'২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ সমৰ্থনযোগ্য'-দেৱব্ৰত শইকীয়া

Pic

দেশত ক'ৰ'নাৰ বিৰুদ্ধে চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে জনতাৰ বাবে ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ।মঙলবাৰে দেশবাসীক সম্বোধন কৰি মোডীয়ে ঘোষণা কৰা অৰ্থনৈতিক পেকেজক সমৰ্থনযোগ্য আখ্যা দিলে বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই।তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে অৰ্থনৈতিক পেকেজ ঘোষণাৰে দেশবাসীক আত্মনিৰ্ভৰশীল হবলৈ জনোৱা আহ্বান সমৰ্থনযোগ্য।ঘোষণা কৰা ২০লাখ কোটি টকাৰ পেকেজৰ ফলাফললৈ আমি অপেক্ষা কৰিব লাগিব।কাৰণ,দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত মজদুৰে লকডাউনৰ বাবে গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰিছে।সেই ঘূৰি অহা মজদুৰ তথা শ্ৰমিকসকলক পুনৰ কাৰখানাসমূহলৈ ঘূৰি যাব পৰাকৈ চৰকাৰে কিমান আত্মবিশ্বাস দিব পাৰিছে,তাৰ ওপৰত নিৰ্ভৰ কৰিব ভৱিষ্যতৰ উদ্যোগ জগতখন।

'পূৰ্বতেও দেশত 'মেক ইন ইণ্ডিয়া' দৰে কাৰ্যক্ৰম চলোৱা হৈছিল।সেই সময়ত যি দৰে উদ্যোগক্ষেত্ৰখন আগবাঢ়িব লাগিছিল,তাক দেখা পোৱা নগ'ল।গতিকে ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ কিমানদূৰ ৰূপায়ণ হ'ব সেয়া পিছতহে ক'ব পৰা যাব- বিধায়ক শইকীয়াই কয়।

চৰকাৰে পূৰ্বে ঘোষণা কৰা বহু আঁচনি কার্যত: ৰূপায়ণ হোৱা নাছিল বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয়-"বিগত লকডাউনৰ ৫০টা দিনে প্ৰধানমন্ত্ৰীৰ জন-ধন আঁচনি আৰু খাদ্য সুৰক্ষা আঁচনিৰ পৰা ৮০কোটি মানুহৰ ২৫কোটি বঞ্চিত হৈ আছে। ৫০ শতাংশ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ জন-ধন যোজনা তথা গৰিব কল্যাণ আঁচনিৰ অৰ্থনৈতিক সহায় পোৱা নাই।"

'বৰ্তমান সময়ত দুৰ্দশাগ্ৰস্ত হোৱাসকলক আমি প্ৰথম আশ্বস্ত কৰিব লাগিব।তাৰ পিছতহে তেওঁলোকৰ জৰিয়তে অৰ্থনৈতিকভাৱে দেশক আগবঢ়াই নিব লাগিব'-বিধায়ক শইকীয়াই লগতে কয়।

Your Comments