সুদীৰ্ঘ ডেৰ মাহৰ পিছত বহি:ৰাজ্যত আৱদ্ধ হৈ থকা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কিছুসংখ্যক যাত্ৰী লৈ দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা ৰাজধানী এক্সপ্ৰেছখন নিৰ্ধাৰিত সময় অনুসৰি বুধবাৰে আবেলি ৫ বজাত কোকৰাঝাৰ ৰে'ল ষ্টেচন পোৱাৰ কথা আছিল যদিও শেহতীয়া খবৰ অনুসৰি সন্ধিয়া ৬.৩০ বজাত কোকৰাঝাৰত উপস্থিত হ'ব ৰেলখন।
ইফালে,ৰেলগাড়ীখন অসম আহি পোৱাৰ পিছতে অসমৰ বাবে চূড়ান্ত ক'ৰ'নাৰ যুঁঁজখন আৰম্ভ হ'ব।এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।গুৰুত্বপূৰ্ণ যে অহা এসপ্তাহ ধৰি প্ৰতি দিনে এখনকৈ যাত্ৰীবাহী ৰেল অসমলৈ আহিব।প্ৰতিখন ৰেলত প্ৰায় ১২শ যাত্ৰী থাকিব।
ইফালে,প্ৰথমখন ৰে'লৰ অধিক সংখ্যক যাত্ৰী ডিব্ৰুগড়ত নামিব।৮৪২জন যাত্ৰী ডিব্ৰুগড়ত নমা কথা।ইয়াৰ আধাসংখ্যক যাত্ৰী অৰুণাচল প্ৰদেশৰ।যাত্ৰীবাহী ৰেলখনৰ ৮ জন যাত্ৰী কোকৰাঝাৰত,৩৭জন গুৱাহাটীত,২জন মৰিয়নীত তথা লামডিং আৰু ডিমাপুৰত নামিব কিছু যাত্ৰী।যাত্ৰী নামিব লগা প্ৰতিটো ষ্টেচনত যাত্ৰীৰ পৰীক্ষাৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে।
- Log in to post comments
- 31 views