'বুধবাৰে অসমত উপস্থিত হ'ব দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰথমখন যাত্ৰীবাহী ৰেল।বিশেষ যাত্ৰীবাহী ৰেলখন ৰাজ্য সোমোৱাৰ লগে লগে ক'ৰ'নাৰ এটা নিৰ্ণায়ক পৰ্যায় আৰম্ভ হ'ব'-এই গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।মঙলবাৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰেলৰ জৰিয়তে বুধবাৰ পৰা অসমলৈ ঘূৰি আহিব লগা জনতাক উদ্দেশ্য কৰি তেওঁ এখন সংবাদ মেল সম্বোধন কৰে।তেওঁ কয় যে দিল্লীৰ পৰা অহা বিশেষ যাত্ৰীবাহী ৰে'ল গাড়ীখন এসপ্তাহ ধৰি চলিব।বুধবাৰে আহি পাব লগা প্ৰথম ৰে'লগাড়ীখনে বিভিন্ন ক'ৰ'না আক্রান্ত ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ ৮৪২ জন যাত্ৰী লৈ ডিব্ৰুগড় পাব।তাৰ পূর্বে কোকৰাঝাৰত ৮ জন, গুৱাহাটীত ৩৭ জন, মৰিয়নিত ২ জন যাত্ৰী নামিব।
উল্লেখ যে ডিব্ৰুগড়ত নামিব লগা ৮৪২জন যাত্ৰীৰ আধাসংখ্যক অৰুণাচলৰ।তেওঁলোক আহি পোৱাৰ পিছতে অৰুণাচল চৰকাৰে বাছৰ জৰিয়তে নিজ ৰাজ্যলে লৈ যাব বুলি মন্ত্ৰী শৰ্মাই জানিব দিয়ে।
গুৰুত্বপূৰ্ণ যে ডিব্ৰুগড়ত নামিব লগা অন্যসকল যাত্ৰী ৰাজ্যৰ বিভিন্ন জিলা।নিজ-নিজ জিলাৰ যাত্ৰীসকলক ডিব্ৰুগড় ৰেল ষ্টেচনত স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পিচতে নিৰ্দিষ্ট জিলাত ১৪দিনৰ কোৱাৰেণ্টাইনৰ বাবে লৈ অহা হ'ব।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিব দিয়া অনুসৰি যিসকল ব্যক্তিৰ দেহত কোনো লক্ষণ দেখা পোৱা নাযায়,সেই সকলৰ নমুনাৰ টেষ্ট এতিয়াৰ পৰা কৰা নহ'ব।যিহেতু প্ৰতিদিনে ৰে'লৰ জৰিয়তে প্ৰায় ১২শ যাত্ৰী অসমলৈ আহিব।গতিকে সেয়া সম্ভৱ নহ'ব।তাৰ সলনি ১৪দিন কোৱাৰেণ্টাইন কৰা হ'ব।বহি:ৰাজ্যৰ পৰা আহিব লগা অসমৰ ব্যক্তিৰ সংখ্যা যিহেতু বহুত বেছি,গতিকে প্রতি জিলাৰ প্ৰশাসনে নিজ-নিজ জিলাত থকা বিদ্যালয়, মহাবিদ্যালয়,অংগনবাড়ী কেন্দ্ৰ, ক্লাব আদি কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব।তাত কিছু কষ্টৰ মাজেৰে ১৪টা দিন যিমানে ডাঙৰ ব্যক্তি নহওঁক সাধাৰণভাৱে জীৱন যাপন কৰিব লাগিব।তাৰ বাবে অসমলৈ আহিব বিচাৰা ব্যক্তিসকলে দৃঢ় মন লৈ, ১৪টা দিন কষ্ট কৰি কোৱাৰেণ্টাইন হ'ম বুলি আহিব লাগিব।অন্যথা আপুনি য'ত আছে তাতে থাকক বুলি মন্ত্ৰী শৰ্মাই কয়।
হোম কোৱাৰেণ্টাইনসমূহ পূর্বতকৈ কঠোৰ হ'ব।যিটো ঘৰত হোম কোৱাৰেণ্টাইন কৰা হ'ব তাক সম্পূৰ্ন ছীল কৰা হ'ব।তাত থকা পৰিয়ালৰ সদস্যসকলো ওলাই আহিব নোৱাৰিব।তাৰ পৰ্যবেক্ষণৰ বাবে গাওঁবুঢ়া, ভিডিপি, ৱাৰ্ড মেম্বাৰ, আশা কর্মীক লৈ প্ৰতিখন গাঁৱত কমিটী গঠন কৰি দিয়া হ'ব।
মন্ত্ৰী শৰ্মাই কৰা অনুসৰি বৰ্তমানলৈ ৰাজ্যৰ ১০ হাজাৰ খন গাঁৱৰ পৰা ছোৱাব সংগ্ৰহ কৰা হৈছে।৭৭৮২ গৰাকী ব্যক্তিৰ জ্বৰ হৈ আছে, সমগ্ৰ কৰা নমুনা টেষ্ট কৰা হব।২০ হাজাৰ গাঁও এতিয়াও বাকী থকা কথা তেওঁ জানিবলৈ দিয়ে।
'যোৱা ৪ মে'ৰ পিছৰ পৰা শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেটেৰে বহিৰাজ্য পৰা অসমলৈ ঘূৰি আহিছে ৩৫৯৭জন ব্যক্তি।তেওঁলোকক ৰাজ্যৰ চাৰিটা ৰিজ'নেল কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে।একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৩৭০৫জন অসমত প্ৰৱেশ কৰিছে।সেইসকলক নিজ-নিজ জিলাত কোৱাৰেণ্টাইন কৰা হৈছে'-মন্ত্ৰী শৰ্মাই লগত কয়।
- Log in to post comments
- 33 views