'সজাগ হৈ আগবাঢ়িলে ক'ৰ'না প্ৰতিৰোধ কৰিবলৈ পাৰিম'-জুবিন গাৰ্গ

Pic

চাৰিদিনীয়া বাছ যাত্ৰাৰ অন্তত সুদূৰ মুম্বাইৰ পৰা মঙলবাৰে পুুৱতি নিশা ২.৩০ বজাত গুৱাহাটীত উপস্থিত হয় জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।পুৱতি নিশা শিল্পীগৰাকী আহি পোৱাৰ পিছতে কৰা হয়  স্বাস্থ্য পৰীক্ষা।উল্লেখ যে দুটা মাহৰ পিছত মাতৃভূমি অসম তথা গুৱাহাটীত উপস্থিত হৈ শিল্পী জুবিনে কয়-"সজাগ হৈ আগবাঢ়িলে ক'ৰ'না আমি নিশ্চয়কৈ প্ৰতিৰোধ কৰিবলৈ পাৰিম।"

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিনে-ৰাতিয়ে কাম কৰি আছে।ময়ো আহিছোঁ,প্ৰয়োজনত যি সহায় লাগে,সহায় কৰিম বুলি উল্লেখ কৰি শিল্পী জুবিনে কয়-"মুখ্যমন্ত্ৰী সৰ্বাদা আৰু মন্ত্ৰী হিমন্ত দাক বিশেষভাৱে ধন্যবাদ।মুম্বাইৰ পৰা আহিবলৈ বাছ ভাড়া কৰাৰ পৰা সহায় কৰিছে আমাক।আমি তাত লকডাউনত আছিলোঁ,তাৰ প্ৰশাসনৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে।বিভিন্ন ৰাজ্যৰ মাজেৰে আমাক পাৰ হৈ অহাত সহায় কৰিছে।"

"যাত্রা অলপ লাহে লাহে কৰিব লগা হৈছে, মানুহ বহুত।গাড়ীতে খোৱা-বোৱা কৰিছোঁ।অসমত সোমাৱাৰ পিছত বৰপেটাৰ ডিএছপি সমীৰণ বৈশ্যই আমাৰ খোৱাৰ ব্যৱস্থা কৰে"-জুবিনে কয়।

Pic

উল্লেখ যে জুবিনৰ হৈতে দীঘলীয়া বাছ-যাত্ৰাত আছিল পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সহযোগী শিল্পী।অসমত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গে বৰ্ণনা কৰিলে মুম্বাইৰ ভয়ংকৰ পৰিৱেশৰ কথা।তেওঁ কয়-"মহাৰাষ্ট্ৰৰ যি অৱস্থা হৈছে,তাৰ মাজত আমাৰ ভয় লাগিছিল।অসম চৰকাৰে আমাৰ আবেদন ৰক্ষা কৰাৰ বাবে ধন্যবাদ।"

"পৰিয়ালৰ সুৰক্ষাৰ কথা চিন্তা কৰি হোম কোৱাৰেণ্টাইন কৰাৰ আমাৰো মন নাই"-গৰিমাই লগতে কয়।

ইফালে,গুৱাহাটীৰ ৰেডিচন ব্লু' হোটেলত ১৪দিনৰ কোৱাৰেণ্টাইন কৰা হৈছে শিল্পী জুবিনক।

উল্লেখ যে যোৱা শুকুৰবাৰে পুৱা ৭ বজাত মহাৰাষ্ট্ৰ আন্ধেৰীৰ পৰা আৰম্ভ হৈছিল জুবিনৰ যাত্ৰা।

Your Comments