লকডাউনৰ মাজতে মঙলবাৰৰ পৰা দেশত আৰম্ভ হ'ব বিশেষ যাত্ৰীবাহী ৰে'লসেৱা।ডেৰমাহ বিৰতিৰ পিছত কঠোৰ বাধ্য-বাধকতাৰ মাজেৰে আৰম্ভ হ'ব এই বিশেষ ৰে'লগাড়ী সেৱা।দিল্লীৰ পৰা আৰম্ভ হ'ব লগা বিশেষ যাত্ৰীবাহী ৰে'লসেৱা প্ৰথম পৰ্যায়ত ১৫খন ৰেলগাড়ীৰে আৰম্ভ হ'ব।এই কথা কেন্দ্ৰীয় ৰে'ল মন্ত্ৰণালয়ে
এটা নিৰ্দেশনাৰ জৰিয়তে ঘোষণা কৰিছে। ৰে'ল মন্ত্ৰনালয়ৰ ঘোষণাৰ পিছতে উত্তৰ-পূব সীমান্ত ৰে'লৱেই দুখনকৈ বিশেষ যাত্ৰীবাহী ৰে'ল অসম তথা উত্তৰ-পূবৰ জনতাৰ সুবিধা হোৱাকৈ চলোৱাৰ ব্যৱস্থা কৰিছে।এই কথা প্ৰকাশ কৰিছে উত্তৰ-পূব ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ্ৰই।বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰে'ল দুখন নতুন দিল্লীৰ পৰা ডিব্ৰুগড় আৰু নতুন দিল্লীৰ পৰা আগৰতলালৈ চলিব।উল্লেখ যে এই বিশেষ ৰে'লসমূহত যাত্ৰা কৰাৰ বাবে টিকট বুকিং সম্পূৰ্ণ অনলাইনত হ'ব।'আজি আবেলি ৪বজাৰ পৰা মুকলি হৈছে টিকট বুকিং প্ৰক্ৰিয়া'-চন্দ্ৰই লগতে কয়।
গুৰুত্বপূৰ্ণ যে ৰে'লগাড়ী চলাচল কৰিলেও লকডাউনৰ বাবে বন্ধ আছে ষ্টেচনৰ টিকট কাউণ্টাৰ।তাৰ বাবে IRCTC জৰিয়তে কৰিব লাগিব টিকট।
ইফালে,যাত্ৰীসকলক আহ্বান জনাই তেওঁ কয়- "যিসকল ব্যক্তিৰ টিকট বুকিং হ'ব,তেওঁলোকক কেৱল ষ্টেচনলৈ আহিবলৈ দিয়া হ'ব।যাত্ৰীসকলৰ মেডিকেল স্কেনিং কৰা হ'ব।যিসকল সুস্থ,তেলোকক যাত্ৰা কৰিবলৈ দিয়া হ'ব"।
"যাত্ৰাত মাক্স পৰিধান কৰাটো বাধ্যতামূলক হ'ব।সামাজিক দূৰত্ব ৰক্ষা কৰাৰ লগতে ষ্টেচনসমূহ ছেনিটাইজ কৰা হ'ব"-চন্দ্ৰই লগতে কয়।
"উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দুখন শ্ৰমিক ৰে'ল ইতিমধ্যে আহি আছে।ৰে'ল দুখন হৈছে বেংগালুৰুৰ পৰা আগৰতলা আৰু চেন্নাইৰ পৰা মণিপুৰলৈ।ৰে'লকেইখন আহি আছে।অহা ১৩ মে'ত আহি পাব।"এই কথা প্ৰকাশ কৰিলে চন্দ্ৰই।
- Log in to post comments
- 13 views