"নিজৰ ঘৰখনৰ নিচিনা আন কোনো স্থান নাই"-ফেচবুকত বিশেষ পোষ্ট জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ।মুম্বাইৰ আন্ধেৰীৰ পৰা স্লিপাৰ বাছেৰে 'লকডাউন'ৰ মাজতে ৰাজ্য চৰকাৰৰ অনুমতি লৈ মাতৃভূমিলৈ আহি আছে জুবিন।উল্লেখ যে স্বাস্থ্যজনিত কাৰণত যোৱা ৯ মার্চৰ পৰা মুম্বাইৰ স্বগৃহত কিছু জিৰণি লৈছিল শিল্পী জুবিনে।তাৰ মাজতে মহামাৰী ক'ৰ'নাৰ বাবে ঘোষণা হোৱা লকডাউনৰ বাবে মুম্বাইতে আৱদ্ধ হৈ পৰিছিল শিল্পীগৰাকী।
উল্লেখ যে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সহযোগী শিল্পীৰ সৈতে শুকুৰবাৰে পুৱা মুম্বাইৰ পৰা বিশেষ বাছখনেৰে আহি আছে জুবিন।খবৰ অনুসৰি সোমবাৰে অসমত প্ৰৱেশ কৰিব শিল্পী জুবিন আহি থকা বিশেষ বাছখন।
ইফালে,মৰমৰ শিল্পীগৰাকী ঘূৰি অহাৰ খবৰ বিয়পি পৰা লগে লগে অনুৰাগীসকলৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা।সকলোৱে কামনা কৰিছে ভালে-কুশলে,সুস্থ হৈ ওভতি আহক শিল্পী জুবিন।বহুসংখ্যক অনুৰাগীয়ে মৰমৰ শিল্পীগৰাকীৰ অহাৰ খবৰ পাই ফেচবুকত 'বাঘ আহি আছে' বুলিও উল্লেখ কৰিছে।দুটা মাহৰ মূৰত ওভতি আহিছে জুবিন গাৰ্গ।
- Log in to post comments
- 32 views