"জনসাধাৰণৰ জীৱনক লৈ নেখেলিব।আভুৱা ভাঁঁৰা কথাৰে ৰাজনীতি কৰাত বেছি সময় খৰছ নকৰি মানৱীয় দায়িত্ব পালন কৰক।ৰাইজে সকলো প্ৰকাৰে আপোনালোকক সহযোগিতা কৰিছে"-ৰাজ্য চৰকাৰলৈ এই গুৰুত্বপূৰ্ণ আহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ সাধৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টচাৰ্য্যৰ।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বক্তব্যত তেওঁ কয়-"ক'ৰ'নাবিৰোধী যুঁজৰ বাবে তৃতীয় পৰ্যাযৰ লকডাউনত ৰাইজ গৃহতে আৱদ্ধ হৈ আছে।ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী-মুখ্যমন্ত্ৰীয়ে হেলিকপ্তাৰ,চাৰ্টাৰ্ড প্লেন ব্যৱহাৰ কৰি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে।সন্ধিয়া ৬ বজাৰ পৰা লকডাউন কাৰ্ফিউ বলৱৎ হৈছে।ইমান কটকটীয়া নিৰাপত্তাৰ পিছতো ৰাজস্থানৰ আজমীৰৰ পৰা ৪৫জন যাত্ৰী লৈ এখন বাছ গুৱাহাটীৰ মহানগৰীৰ মাজেৰে শিলচৰ পালেগৈ।"
চৰকাৰ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৎপৰতাৰ কোনো ফল ধৰা নাই।সকলো আভুৱা ভাৰা হৈছে বুলি উল্লেখ কৰি জ্যেষ্ঠ মুখপাত্ৰজনে কয়-"সুদূৰ মুম্বাইৰ পৰা কেনেদৰে চাৰিগৰাকী মহিলা আহি যোৰহাট পালেহি,য'ত নেকি দুগৰাকী বৰ্তমান কৰ'না আক্ৰান্ত।"
- Log in to post comments
- 58 views