ডাঃলিথিকেশ সংস্পৰ্শলৈ অহা সকলোকে কৰা হ'ব পৰীক্ষা:১আৰু ৫নং হোষ্টেল ছীল

Pic

গুৱাহাটী মেডিকেল কলেজৰ ৫নং হোষ্টেল আৰু ১নং হোষ্টেল কন্ত্ৰেনমেণ্ট জ'ন ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।মেডিকেল কলেজখনৰ স্নাতকোত্তৰ বর্ষৰ ছাত্ৰজন ডাঃ লিথিকেশ।ডা: লিথিকেশৰ ঘৰ আছিল কৰ্ণাটকত।ক'ভিড-১৯ পৰীক্ষাৰ কামত জড়িত আছিল চিকিৎসক ছাত্ৰজন।যিসকল চিকিৎসক-নাৰ্ছ সংস্পৰ্শলৈ আক্রান্ত চিকিৎসকজন আহিছিল,তেওঁলোকক কৰা হ'ব পৰীক্ষা।

ইফালে নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে মেডিকেলখন।স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ তদাৰক কৰিছে সকলো।

মেডিকেল কলেজখনৰ ৫নং হোষ্টেলত আছিল চিকিৎসক ছাত্ৰজন।যিহেতু ১নং হোষ্টেলটো ৫নং হোষ্টেলৰ কাষতে,গতিকে হোষ্টেল দুটা বন্ধ কৰি দিয়া হৈছে।

Your Comments