"বহি:ৰাজ্যৰ ৰে'ড জ'নৰ পৰা অহা প্ৰতিজন ব্যক্তিক চৰকাৰে নিজাকৈ স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত ৰখা হ'ব"-এই ঘোষণা স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ।যদি প্ৰয়োজন নাথাকে,কোনো ব্যক্তি বাহিৰলৈ ওলাই নাহিব বুলি আহ্বান জনায় মন্ত্ৰী শৰ্মাই কয়-"অসমৰ প্ৰত্যাহ্বানৰ সময় আৰম্ভ হৈছে।"
সামাজিক দূৰত্বক গুৰুত্ব নিদিয়া দোকানসমূহক উদ্দেশ্য কৰি মন্ত্ৰী ড: শৰ্মাই কয়-"যদি সেই দোকানলৈ যোৱা কোনো ব্যক্তিৰ দেহত ক'ভিড-১৯ ধৰা পৰে,দোকানখনৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা।২৮দিনৰ বাবে সেই দোকানখন বন্ধ কৰি দিয়া হ'ব।সামজিক দূৰত্ব বৰ্তাই ৰখাত দোকানখনে গুৰুত্ব দিয়ক।"
"শুকুৰবাৰে ৰাজ্যৰ চৰকাৰে জাৰি কৰিব এটা অধিসূচনা।য'ত মাক্স পৰিধান নকৰি ঘূৰি ফুৰা ব্যক্তিসকলে ভৰিব লাগিব ৫০০টকা"-মন্ত্ৰীগৰাকীয়ে লগতে কয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ গুৱাহাটীৰ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়-"শুকুৰবাৰৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা মুকলি কৰি দিয়া হ'ব"।লগতে কৰ্মচাৰীসকলক আহ্বান জনাই কয়-"যিসকল কৰ্মচাৰীয়ে পাৰে,ঘৰৰ ওচৰৰ বয়োজ্যেষ্ঠ-বৃদ্ধ ব্যক্তিসকলক সহায় কৰক।"
"ৰাজ্যৰ গাঁৱে গাঁৱে জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা চিকিৎসক-নাৰ্ছসকলে জ্বৰ-কাঁহ হৈ থকা ব্যক্তিসকলৰ সংগ্ৰহ কৰিব নমুনা।আগন্তক এমাহত ২৫ হাজাৰ গাঁৱৰ পৰা সংগ্ৰহ কৰা হ'ব এই নমুনা।নমুনা পৰীক্ষা কৰা হ'ব গাওঁসমূহলৈ ক'ৰ'না বিয়পিছে নেকি"-এই কথা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে,সুৰাৰ দাম বৃদ্ধি সন্দৰ্ভত অৰুণাচল আৰু মেঘালয় চৰকাৰৰ সৈতে একেলগে সিদ্ধান্ত গ্ৰহণ কৰিব।তাৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট।উল্লেখ যে চুবুৰীয়া ৰাজ্যত যদি সুৰাৰ দাম বৃদ্ধি নহয়, তেন্তে অসম চৰকাৰে অকলে দাম বৃদ্ধি কৰিলে ৰাজহ হেৰুৱাব।
- Log in to post comments
- 29 views