সাৱধান,আহি আছে আইন:'মাক্স পৰিধান নকৰিলে ভৰিব লাগিব ৫০০টকা জৰিমনা'-পীযুষ হাজৰিকা

Pic

"ৰাজহুৱা স্থানত মাক্স পৰিধান নকৰিলে ভৰিব লাগিব ৫০০টকা জৰিমনা।স্বাস্থ্য বিভাগে তাৰ বাবে আজি নহ'লে দুই-এদিনৰ ভিতৰতে হয়তো এখন আইন আনিব"-গুৰুত্বপূৰ্ণ ভাষ্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ।বুধবাৰে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত কনিষ্ঠ চিকিৎসক সন্থাৰ এটা ৰক্তদান শিবিৰ মুকলি  কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হাজৰিকাই। প্ৰায় ২০০ গৰাকী চিকিৎসকে ৰক্তদান কৰে এই শিবিৰত।তেওঁ এই সন্দৰ্ভত কয়-"চিকিৎসকসকলৰ এই পদক্ষেপে দুৰ্যোগৰ সময়ত সকাহ দিব।"

আনহাতে,অসমত ক'ৰ'না সমস্যা সমাধান হোৱা নাই বুলি উল্লেখ কৰি হাজৰিকাই কয়-  "সকলো জনসাধাৰণ সজাগ হৈ থাকক।"

ইফালে,কোকৰাঝাৰত মঙলবাৰে চিনাক্ত হোৱা ক'ৰ'না আক্ৰান্ত ৰোগীগৰাকী কোচবিহাৰৰ পৰা অহাৰ পিছতে কোৱাৰেণ্টইনত আছিল।বৰ্তমান এমএমচিত আক্রান্তগৰাকীৰ চিকিৎসা কৰি থকা হৈছে বুলি জানিবলৈ দিলে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। 

প্ৰতিখন ৰাজ্যৰ সীমান্তত বিশেষ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- "অন্য ৰাজ্যৰ পৰা অসমলৈ ওভতাই অনা লোকসকলৰ বাবে কোৱাৰেণ্টাইন শিবিৰৰ ইতিমধ্যেই নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।"

Your Comments