আৰটিআই কর্মী দুলাল বৰাৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ অভিযান।মহানগৰীৰ ৰুক্মীণীগাঁৱস্থিত নৱ-নিৰ্মিত প্ৰসাদোপম তিনিমহলীয়া অট্টালিকাত গুৱাহাটীৰ পৌৰ নিগমৰ বুলডজাৰেৰে চলোৱা হয় উচ্ছেদ।উল্লেখ যে যোৱা ডেৰ মাহৰ পূৰ্বে কইনাধৰাৰ তিনিমহলীয়া অট্টালিকাটো ভাঙি দিছিল প্ৰশাসনে।তাৰ পিছতে বুুুধবাৰে ৰুক্মিণীগাঁৱত থকা বৰাৰ দ্বিতীয়টো অট্টালিকা ধ্বংস কৰে প্ৰশাসনে।৫৪৯/২৫নম্বৰ গোচৰৰ ভিত্তিত বৰা গৃহটো উচ্ছেদ কৰা হয়।
গুৰুত্বপূৰ্ণ যে ন্যায়ালয়ৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগমে উচ্ছেদ কৰিছে গৃহটো।প্ৰশাসনৰ অনুমতি অবিহনে বৰাই অবৈধভাৱে নিৰ্মাণ কৰিছিল গৃহটো।
তাৎপয্যপূৰ্ণ যে আৰটিআইৰ নামত মানুহক ব্লেকমেইল কৰাৰ অভিযোগত চলিত বর্ষত গ্ৰেপ্তাৰ কৰা হৈছিল বৰাক।গ্ৰেপ্তাৰৰ পিছতে তদন্তত পোহৰলৈ আহিছিল আৰটিআই কর্মী বৰাৰ পাহাৰসদৃশ অবৈধ সম্পত্তিৰ কথা।
কাৰাৰুদ্ধ হৈ থকা বৰাৰ অবৈধ সম্পত্তি ইতিমধ্যে ছীল কৰিছে প্ৰশাসনে।
- Log in to post comments
- 43 views