তৃতীয় পৰ্যায়ৰ 'লকডাউন'ৰ সময়চোৱাতো সম্পূৰ্ণৰূপে বন্ধ থাকিব ৰে'ল সেৱা

Pic

তৃতীয় পৰ্যায়ৰ 'লকডাউন'ৰ সময়চোৱাতো সম্পূৰ্ণৰূপে বন্ধ থাকিব ৰে'ল সেৱা।একমাত্ৰ কেৱল মালবাহী ৰে'লহে চলাচল কৰিব পাৰিব এই সময়চোৱাত।এই কথা জনালে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ্ৰই৷তেওঁ জানিব দিয়া অনুসৰি-"১৭ মে'লৈ অন্য  ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে বিশেষ ৰে'ল গাড়ী চলিছে দেশত।ৰাজ্য চৰকাৰৰ অনুমতি লাভ কৰিলে অন্য ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই বিশেষ ৰেল গাড়ী চলোৱাৰ ব্যৱস্থা কৰিব।উল্লেখ যে দেশৰ বহুকেইটা স্থানত আৱদ্ধ হৈ থকা লোকসকলৰ বাবে ইতিমধ্যে ৰে'ল বিভাগে আৰম্ভ কৰিছে এই বিশেষ ব্যৱস্থা।"অসমৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলৰ উপৰিও অন্য ৰাজ্যৰ ব্যক্তি যদি অসমত আৱদ্ধ হৈ আছে,তেওঁঁলোক যদি যাবলৈ বিচাৰে,তেনেহ'লে ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব আৰু ৰাজ্য চৰকাৰে সিদ্ধান্ত কৰি তালিকা প্ৰস্তুত কৰিব।সেই অনুসৰি ৰে'ল বিভাগে যাত্ৰীসকলক লৈ আহিব"- চন্দ্ৰই লগতে কয়।গুৰুত্বপূৰ্ণ যে এই ৰে'লসমূহ সম্পূৰ্ণ বিশেষ,য'ত চৰকাৰে প্ৰকাশ কৰা তালিকাৰ বাহিৰে এজনো বেলেগ মানুহ উঠিব নোৱাৰিব বা টিকটৰ ব্যৱস্থা কৰা নহ'ব।বৰ্তমানলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেই কোনো যাত্ৰীবাহী বিশেষ ৰে'ল চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।লগতে অন্য ৰাজ্য চৰকাৰৰ বিশেষ ট্ৰেইন অসমলৈ পঠিওৱা হোৱা নাই।ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পিছতহে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ল'ব ব্যৱস্থা-চন্দ্ৰই লগতে কয়।সম্প্ৰতি অসম চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।এই প্ৰক্ৰিয়াৰ পিছতহে শ্ৰমিক ৰে'ল চলাচলৰ ব্যৱস্থা কৰিব উত্তৰ-পূব সীমান্ত ৰে'লৱেই।এই কথা জনায় জনসম্পৰ্কৰক্ষী বিষয়াজনে৷

Your Comments