"গুৱাহাটীত 'লকডাউন'ত জব্দ কৰা বাহনসমূহ গৰাকীয়ে থানাৰ পৰা লৈ যাব পাৰিব"-আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা

Pic

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ 'লকডাউন'ৰ সময়ত মহানগৰীত জব্দ কৰা বাহনসমূহ নিব পাৰিব গৰাকীয়ে।জব্দ কৰা নিৰ্দিষ্ট থানাত আহি বাহনৰ গৰাকীয়ে জৰিমনা ভৰি উলিয়াই নিব লাগিব গাড়ীসমূহ।এই কথা প্ৰকাশ কৰিলে গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।আয়ুক্ত গুপ্তাই প্ৰকাশ কৰা অনুসৰি-"ইতিমধ্যে আৰম্ভ হৈছে গাড়ীসমূহ গৰাকীক চমজাই দিয়া প্ৰক্ৰিয়া।তাৰ বাবে গৰাকীয়ে নিৰ্দিষ্ট থানালৈ আহিব লাগিব বাহনসমূহ নিবলৈ।"

"গাড়ীসমূহৰ বিৰুদ্ধে এমভিআই এক্টৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ জৰিমনা বিহা হৈছে গাড়ীৰ গৰাকীসকলক"- গুপ্তাই কয় ।এই প্ৰক্ৰিয়া ইতিমধ্যে সোমবাৰৰ পৰা আৰম্ভ হোৱা বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

গুৰুত্বপূৰ্ণ যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ৪০ দিনৰ লকডাউনত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো লকডাউন ভংগ কৰি ওলাই অহাৰ অপৰাধত কেইবাহাজাৰ গাড়ী জব্দ কৰিছিল প্ৰশাসনে।তাৰ ভিতৰত সৰ্বাধিক জব্দ হৈছিল মটৰ চাইকেল।

Your Comments