ব্যৱসায়িকভাৱে নহয়,জনতাৰ সুবিধা বাবেহে আৰম্ভ বাছসেৱা

Pic

গ্ৰীণ জ'নত ব্যাপক শিথিলতাৰ মাজেৰে আজি সোমবাৰৰে পৰা ৰাাজ্যজুৰি ক'ৰ'না সংক্ৰমণ ৰোধৰ বাবে তৃতীয় পৰ্যায়ৰ 'লকডাউন' আৰম্ভ।পূৰ্বৰ লকডাউনৰ তুলনাত তৃতীয় পৰ্যায়ত গ্ৰীণ জ'নত সামান্য কেইটামান  বাধ্যবাধকতাৰ মাজেৰে আৰম্ভ হৈছে এক প্ৰকাৰৰ স্বাভাৱিক জনজীৱন।জনতাৰ আৰ্থ- সামাজিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চলাচল কৰিছে বাছসেৱা।বাছসেৱা আৰম্ভ হোৱাৰ পিছতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে কয়-"বাছসেৱা মুকলি কৰা হৈছে যদিও ব্যৱসায়িক ভিত্তিত নহয়।জনতাৰ সুবিধাৰ বাবে এই বাছসেৱা।অতি প্রয়োজনীয় হ'লেহে যাতে যাত্ৰীসকলে যাত্ৰা কৰে।"

সকলো বাছতে ৫০% যাত্ৰীলৈ সামাজিক দূৰত্ব ৰক্ষা কৰি বাছসমূহ চলিব।যাত্ৰীসকলেও যাতে লকডাউনৰ নীতি-নিয়ম পালন কৰে,তাৰ বাবে ভট্টৰায়ে আহ্বান জনায়।

"গুৱাহাটীত প্ৰথমে ১০০খন চিটিবাছ চলোৱা হৈছিল।বহু যাত্ৰী বাছৰ বাবে ওলাই আহিছে।ব্যক্তিগত খণ্ডৰ বাছৰ মালিকসকলৰ লগত আলোচনা কৰি অতিৰিক্তভাৱে ২০০খন  চিটিবাছ চলিব।"-তেওঁ কয়।

আনহাতে দূৰণিৱতীয়া বাছ সেৱাৰ বাবে আগতীয়াকৈ যাত্ৰীসকলে চিট সমূহ  অনলাইনত বুকিং কৰিব লাগিব।redbus.in আৰু Astc.inৰ জৰিয়তে টিকট বুকিং কৰিব লাগিব বুলি অধ্যক্ষ ভট্টৰায়ে জানিবলৈ দিয়ে। 

প্ৰতিখন বাছত ছেনিটাইজাৰ থাকিব।পুৱা-আবেলি বাছসমূহ চাফা কৰা হ'ব।যাত্ৰীসকলক যধে-মধে থুঁই,খেকাৰ নেপেলাবলৈ তেওঁ আহ্বান জনায়।

উল্লেখ যে কিছদিনৰ পৰা চলাচল কৰা ৰাজ্যৰ বিশেষ বাছসেৱাত যাত্ৰীসকলে সহযোগিতা কৰা বুলি উল্লেখ কৰি তেওঁ কয়-"যাত্ৰীসকলৰ সহযোগিতাৰ বাবে বাছ সেৱা আৰম্ভ কৰিছোঁ।যাত্ৰীৰ এই সহযোগিতা যাতে সদায় থাকে।"

Your Comments