তৃতীয় পৰ্যায়ৰ 'লকডাউন'ত গ্ৰীণ আৰু অ'ৰেঞ্জ জ'নত কি কি কৰিব পাৰিব:সম্পূৰ্ণকৈ জানি লওক

Pic

তৃতীয় পৰ্যায়ৰ নতুন নিৰ্দেশনাসমূহ জাৰি কৰিলে ৰাজ্য চৰকাৰে।৪মে'ৰ পৰা কাৰ্যকৰী হ'ব লগা 'লকডাউন'ৰ নতুন নিৰ্দেশনাসমূহ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।নতুন নিৰ্দেশনাসমূহ হৈছে-
 
আবেলি ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সৰ্বাত্মক কাৰ্ফিউ।ফাৰ্মাচী,সংবাদ মাধ্যম, চিকিৎসা সেৱা,চৰকাৰী গাড়ীৰ বাহিৰে বাকী সকলো বন্ধ থাকিব।

Pic

চিকিৎসাৰ লগত জড়িত সকলো প্ৰতিষ্ঠা আৰু পশু চিকিৎসা সম্বন্ধীয় সকলো সেৱা আবেলি ৫ বজালৈ মুকলি কৰিব পাৰিব।

গাঁও-চহৰৰ অকলে থকা দোকানসমূহ সম্পূৰ্ণৰূপে মুকলি হ'ব।কিন্তু একেলগে থকা দোকানসমূহ এক তৃতীয়াংশ মুকলি কৰিব পাৰিব।গ্ৰ'ছাৰী,ফাৰ্মাচী,কিতাপৰ দোকান এই নিয়মত অন্তৰ্ভুক্ত নহয়।সেইসমূহ খুলিব পাৰিব।

মাৰ্কেট কম্পেলেক্স,শ্বপিং মল,জিম,ছবিগৃহ, চেলুন,পাৰ্লাৰ,চুইমিং পুল বন্ধ থাকিব।কিন্তু নাপতিজনে বা বিউটিচিয়ানগৰাকীয়ে ঘৰে ঘৰে গৈ সেৱা আগবঢ়াব পাৰিব।

অটৰিক্সা,চাইকেল ৰিক্সা,টেক্সি সেৱা চলাচল কৰিব।কিন্তু এজন ড্ৰাইভাৰ,দুজন যাত্ৰীহে যাব লাগিব।সকলোৱে মাক্স পৰিধান কৰাটো বাধ্যতামূলক।

অ'লা-উবেৰ সেৱা আৰম্ভ হ'ব।তাতো ড্ৰাইভাৰ,দুজন যাত্ৰী যাব পাৰিব।একেদৰে মটৰ চাইকেলত মহিলা,১২ বছৰীয়া শিশুৰ বাহিৰে দুজন লোক যাব নোৱাৰিব। 

গাঁও,নগৰ-চহৰ সকলোতে ৫০% শ্ৰমিকেৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিব।

Pic

আন্ত:জিলা আৰু অন্ত:জিলা বাছ সেৱা আৰম্ভ হ'ব।৫০শতাংশ যাত্ৰীহে নিব লাগিব।সকলোৱে মাক্স পৰিধান কৰি সামাজিক দূৰত্ব মানি চলিব লাগিব।ব্যক্তিগত বাছসমূহ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অনুজ্ঞাপত্ৰ লৈ চলিব লাগিব।

ৰেড আৰু অ'ৰেঞ্জ জ'নসমূহত এই নিয়মসমূহ কাৰ্যকৰী নহ'ব।বাছসমূহ অৰেঞ্জ জ'নৰে যাব পাৰিব,কিন্তু ৰ'ব নোৱাৰিব।

কেন্দ্ৰীয় চৰকাৰৰ মৰিগাঁও,ধুবুৰী,গোৱালপাৰা জিলাক অৰেঞ্জ জ'নত ৰখাৰ পিছত ৰাজ্য চৰকাৰে বঙাইগাঁও জিলাক অৰেঞ্জ জ'নত অন্তৰ্ভুক্ত কৰিছে।

চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব।অৱশ্যে কোনো কৰ্মচাৰী যদি ৫বছৰৰ তলৰ শিশুৰ মাতৃ, তেন্তে তেওঁ কাৰ্যালয় আহিব নালাগে।

চাহ,আইচস্ক্ৰীম,ৰেষ্ট'ৰা মুকলি কৰিব পাৰিব।কিন্তু কোনো গ্ৰাহকে ঘৰলৈ লৈ গৈ খাব লাগিব।হোম ডেলিভাৰী মুকলি কৰিব পাৰিব।

সকলোধৰণৰ ই-কমাৰ্চ সেৱা মুকলি কৰি দিয়া হৈছে।শ্ব'ৰোম মুকলি কৰিব পাৰিব।

গুৰুত্বপূৰ্ণ যে এই সকলোবোৰ নিয়ম প্ৰযোজ্য হ'ব একমাত্ৰ গ্ৰীণ জ'নত।পূৰ্বৰ দৰে অৰেঞ্জ জ'নত গ্ৰ'ছাৰী,ফাৰ্মাচী আৰু শাক-পাচলি দোকান খুলিব পাৰিব।তাৰ বাহিৰে বাকী সকলোতে বাধা আছে।

সাপ্তাহিক বজাৰসমূহ বন্ধ থাকিব।

বিয়া,সবাহ,ধৰ্মীয় অনুষ্ঠান,সভা সকলো বন্ধ থাকিব।

একমাত্ৰ চিকিৎসা সেৱাৰ বাহিৰে যিকোনো মূল্যৰ বিনিময়ত ৬৫ বছৰৰ উৰ্ধৰ নাগৰিক আৰু ১২বছৰৰ তলৰ শিশু বাহিৰলৈ ওলাব নোৱাৰিব।

আনহাতে,ৰাজ্যত শেহতীয়াভাৱে দেখা দিয়া গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাতি ১২ বজাৰ পৰা সকলো পশু-জন্তু কঢ়িওৱা গাড়ী অসমত প্ৰৱেশ কৰিব নোৱাৰিব।

Your Comments