তৃতীয় পৰ্যায়ৰ 'লকডাউন':কেন্দ্ৰৰ ৭ বজা নহয়,অসমত সন্ধিয়া ৬ বজাৰ পৰা ১৪৪ ধাৰা প্ৰযোজ্য হ'ব

Pic

সোমবাৰৰ পৰা দেশত আৰম্ভ হ'ব ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে তৃতীয় পৰ্যায়ৰ 'লকডাউন'।১৪দিনৰ বাবে ঘোষণা হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে    গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনাসমূহ।

ইফালে কেন্দ্ৰৰ নিৰ্দেশনা প্ৰয়োগ কৰাৰ লগতে ৰাজ্যত নিজাকৈ গ্ৰহণ কৰা হ'ব কিছু ব্যৱস্থা।মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই কথা শনিবাৰৰ এখন সংবাদ মেলত প্ৰকাশ কৰিছে।উল্লেখ যে ৰাজ্যৰ জনতাৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনৰ চূড়ান্ত নিৰ্দেশনা ৰাজ্য চৰকাৰে আজি আবেলি প্ৰকাশ কৰিব।তাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত অসম চৰকাৰৰ মন্ত্ৰী তথা শীৰ্ষ বিষয়াৰ বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ আৱাসৰ ব্ৰহ্মপুত্ৰৰ অতিথিশালাত।বৈঠকখনতে চূড়ান্ত হ'ব নতুন  নিৰ্দেশনাসমূহ।

ইফালে,মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে গ্ৰীণ জ'নত পূৰ্বতকৈ যথেষ্ট শিথিলতা আহিব লকডাউনত।অৰ্থনৈতিক কাম-কাজসমূহ সামাজিক দূৰত্ব বজাই ৰাখি আৰম্ভ কৰা হ'ব।ৰাজ্য চৰকাৰে নিজাকৈ জ'নসমূহ পুনৰ চিনাক্ত কৰিব।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ পূৰ্বৰ দৰে গ্ৰীণ জ'ন অঞ্চলত চলাচল কৰিব।কিন্তু বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলিব লাগিব।পূৰ্বতকৈ কম হ'ব বাছৰ সংখ্যা।

আনহাতে,কেন্দ্ৰৰ ৭ বজাৰ বিপৰীতে অসমত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰযোজ্য হ'ব ১৪৪ ধাৰা।

Your Comments