অসমলৈ আহিবলৈ বিচৰা বৰ্হিৰাজ্যত আৱদ্ধসকললৈ মুকলি কৰা হ'ল বিশেষ নম্বৰ:সবিশেষ জানি লওক

Pic

"বৰ্হিৰাজ্যত যদি সুৰক্ষিত হৈ আছে,বিশেষ যদি ঘৰলৈ অহাৰ এই সময়চোৱাত প্ৰয়োজন নাই,তেন্তে আপোনালোক য'ত আছে,তাতে থাকক"- অন্য ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ জনতালৈ বিনম্ৰ আহ্বান মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত এখন সংবাদ-মেল সম্বোধন কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে লকডাউনৰ বাবে অন্য ৰাজ্যত থকা অসমৰ প্ৰতিজন ব্যক্তিক আমি বাধা দিয়া নাই অসমলৈ ঘূৰি আহিবলৈ নালাগে বুলি।কিন্তু আমি অসমৰ জনতাৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকক প্ৰয়োজন নহ'লে পূজাৰে সময়ত ঘূৰি আহক বুলি আহ্বান জনাইছোঁ।পৰিস্থিতি ভাল নোহোৱালৈকে বাহিৰত থকা প্ৰতিজনক মাহৰ ১৫ তাৰিখে ৰাজ্য চৰকাৰে ২০০০টকা কৈ সাহায্য প্ৰদান কৰিব।

যদি কোনো ব্যক্তি ঘূৰি আহিবলৈ বিচাৰে,তেওঁলোকৰ সুবিধাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে এটা বিশেষ নম্বৰ।যিটো নম্বৰত অহা ৪৮ ঘণ্টাৰ ভিতৰত দিব লাগিব মিছকল।মন্ত্ৰী শৰ্মাই ঘোষণা অনুসৰি ৭৪২৮১৫৯৯৬৬ নম্বৰত ঘূৰি আহিব বিচাৰ ব্যক্তিজনে দিব লাগিব এটা মিছকল।তাৰ পিছতে ৪৮ ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনলৈ এটা বিশেষ লিংক যাব।লিংকটোত ব্যক্তিজনে দিব লাগিব সবিশেষ তথ্য।সমগ্ৰ ব্যৱস্থাটো সম্পাদনা কৰিব অসম আৰক্ষীয়ে।আনহাতে,সাহায্যৰ বাবে যিসকলে মিছকল দিছিল বা ফোন কৰিছিল তেওঁলোকে নতুনকৈ মিছকল নিদিলেও হ'ব।

"অন্য ৰাজ্যত আৱদ্ধ যিসকল ব্যক্তিয়ে নিজৰ গাড়ী অথবা নিজে ভাড়া কৰি গাড়ী লৈ আহিব বিচাৰে,তেন্তে সেইসকলে Assamtransportrelif@gmail.comত প্ৰেৰণ কৰিব লাগিব মেইল।তাত মেইল কৰিলে দেওবাৰৰ পৰা প্ৰদান কৰিব ঘূৰি অহাৰ অনুমতি পত্ৰ"- মন্ত্ৰী ড: শৰ্মাই লগতে কয়।

Your Comments