'লকডাউন'ৰ সময়ত গৃহবন্দী জনতাক বিনোদনৰ বাবে অসমীয়া জনপ্ৰিয় ছবি 'বৰনদী ভটিয়ায়' অনলাইনত মুকলিৰ ব্যৱস্থা।মাজুলীৰ পটভূমিত অনুপম কৌশিক বৰাৰ কাহিনী,পৰিচালনা আৰু প্ৰযোজনাৰে নিৰ্মিত অসমীয়া ছবি 'বৰনদী ভটিয়ায়' প্ৰায় এবছৰ আগতেই মুক্তি লাভ কৰিছিল।২০১৯ বৰ্ষৰ মে' মাহৰ ৩ তাৰিখে ছবিগৃহলৈ অহা ছবিখনে চতুৰ্থ সপ্তাহ পৰ্যন্ত অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল।ছবিগৃহত চাই আমনি নলগা ছবিখন পুনৰ চোৱাৰ সুবিধা কৰি দিবৰ বাবে অসম তথা অসমৰ বাহিৰৰ পৰা বহু চিনেমাপ্ৰেমীয়ে ছ'চিয়েল মিডিয়াত আহ্বান জনোৱা পৰিলক্ষিত হোৱা বুলি জানিবলৈ দিয়ে চিনেমাখনৰ প্ৰয়োজক অনুপম কৌশিকে।
সেয়েহে সাম্প্ৰতিক পৰিস্থিতিত সকলোৱে ঘৰতে বহি 'বৰনদী ভটিয়ায়' ছবিখন অনলাইনত চোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি কয় প্ৰযোজকগৰাকীয়ে।
অহা ১ মে' শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ পৰা ইচ্ছুক দৰ্শকে www.moviesaints.com ত ছবিখন চাব পাৰিব বুলি জনায় প্ৰযোজকগৰাকীয়ে।লগতে,সবিশেষ জানিবলৈ বৰনদী ভটিয়ায়ৰ ফেচবুক পেজত চাব পাৰে বুলি জনায় প্ৰযোজকগৰাকীয়ে ৷
- Log in to post comments
- 249 views