অখিলৰ অনুপস্থিতি বাৰুকৈ অনুভৱ কৰিছে কণমানি পুত্ৰ নাচিকেতাই:অংকন কৰিছে হাঁহিমুখীয়া পিতৃৰ ছবি

Pic

বিশ্বত্ৰাস মহামাৰীৰ সময়ত প্ৰতিজন সন্তানৰ কাষত ছাঁৰ দৰে থিয় দিছে পিতৃয়ে।কিন্তু,তেনে সময়ত নাচিকেতাৰ কাষত নাই পিতৃ অখিল গগৈ।'লকডাউন'ৰ বাবে এতিয়া স্কুল বন্ধ।দিনটো নাচিকেতা ঘৰতে থাকে।কিন্তু কণমানি সন্তানক লগ দিবলৈ কাষত নাই পিতৃ অখিল।কাৰাৰুদ্ধ পিতৃৰ অনুপস্থিতিয়ে বাৰুকৈ চুইছে কনমানি নাচিকেতাক।জাতিৰ বাবে মাত মাতি বিগত চাৰি মাহ ধৰি ৰাজ্যৰ কাৰাগাৰে কাৰাগাৰে বন্দিত্বৰ জীৱন অতিবাহিত  কৰিছে সংগ্রামী পিতৃ অখিলে।

পিতৃৰ অনুপস্থিতি বাৰুকৈ অনুভৱ কৰা কণমানি পুত্ৰ নাচিকেতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে পিতৃ অখিলৰ এখন ছবি।লকডাউনৰ সময়ছোৱাত পিতৃৰ হাঁহিমুখীয়া ছবিখন সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰিছে।হয়তো সি পিতৃ নথকা সময়ত সেয়াই বুকুত লৈ টোপনি যাব।ফটোখন চাই উমলিব। 

Pic

কণমানি নাচিকেতাৰ পিতৃক লগ নোপোৱাৰ কাতৰ বেদনাই বুকুত হয়তো বাৰুকৈ আঘাত কৰিছে। 

আনহাতে,কণমানি পুত্ৰৰ হাতত প্ৰাণ পাই উঠা পিতৃ অখিলৰ ছবিখন পত্নী গীতাশ্ৰী তামুলীয়ে ফেচবুকৰ একাউণ্টত প্ৰকাশ কৰিছে।ছবিখন প্ৰকাশ কৰি ৰামে প্ৰয়োজনত সোণৰ সীতা সজোৱাৰ ৰাময়নৰ কাহিনীৰ সৈতে তুলনা কৰিছে।পত্নীয়ে ফটোখনৰ সৈতে লিখিছে এইদৰে-"অনুপস্থিত উপস্থিতি:ৰামে সোণৰ সীতা সজাইছিল প্ৰয়োজনত।আমাৰ ল'ৰাই অব্যক্ত দু:খানুভৱত নেকি নাজানো,এইখন  সম্পূৰ্ণ কৰিবলৈ লাগি আছে।"

তাৎপৰ্যপূৰ্ণ যে যোৱা ১২ডিচেম্বৰত 'কা' আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক।তাৰ পিছৰে পৰা এটাৰ পিচত আন এটা গোচৰত আজি পৰ্যন্ত কাৰাগাৰৰ বন্ধ কুঠৰীত সময়বোৰ পাৰ কৰিছে সংগ্রামী অখিলে।বৰ্তমান গুৱাহাটীৰ  কেন্দ্ৰীয় কাৰাগাৰত আছে অখিল গগৈ।

Your Comments