'লকডাউন'ৰ মাজতে আৰক্ষীৰ পোছাকত ধন-সোণ চোৰৰ ক'লা দাগ লগালে ৰেলৱে আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে।বৃহৎ পৰিমাণৰ ধন-সোণ চুৰি কৰি ধৰা পৰা ৰে'লৱে আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ নাম হৈছে শ্ৰৱণ কুমাৰ ঝাঁ।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি বুধবাৰে নিশা ১২ বজাত বৃহৎ পৰিমাণৰ ধন- সোণ সৰবৰাহ কৰি ফটাশিল আৰক্ষীৰ জালত পৰে গুৱাহাটীৰ ৰে'লৱে আৰক্ষীৰ নিলম্বিত উপ-পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা আৰু তেওঁৰ ভাতৃ সঞ্জয় কুমাৰ ঝা।এখন ছুপাৰ স্পেলণ্ডাৰ বাইকৰ সৈতে প্ৰায় ৭০ লাখ টকাৰ সোণ আৰু ২২ লাখ নগদ টকাসহ ফটাশিল আৰক্ষীয়ে কৰায়ত্ত কৰে দুয়োকে।
উল্লেখ্য যে ৰে’লযাত্ৰীৰ সুৰক্ষাত নিয়োজিত থকাৰ নামত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৪৫ লাখ টকাৰ সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ হৈছিল উপ-পৰিদৰ্শকগৰাকী।পূৰ্বৰ ঘটনা সন্দৰ্ভত তেওঁ জামিন লাভ কৰি নিলম্বিত হৈ আছিল।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি নিলম্বিত উপ-পৰিদৰ্শকগৰাকীয়ে নিজ ভাতৃৰ সৈতে মিলি মহানগৰীৰ লালগণেশৰ উপেন্দ্ৰ যাদৱ নামৰ এজন লোকৰ ঘৰৰ পৰা লুকুৱাই ৰখা ২২ লাখ টকাসহ প্ৰায় ১.৫০ কেজি ওজনৰ ১০খন সোণৰ বিস্কুট আৰু আৰু অলংকাৰ লৈ আহি আছিল।
ফটাশিল আৰক্ষীৰ তালাচীত আটক কৰে দুয়োজনক।পিছত লৈ যোৱা সোণ আৰু নগদ ধনৰ সঠিক তথ্য যোগান ধৰিব নোৱাৰাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰে ফটাশিল আৰক্ষীয়ে।
বৰ্তমান ফটাশিল আমবাৰী থানাতে ৰখা হৈছে দুয়োকে।ঘটনাৰ অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।জনতাৰ সুৰক্ষাত স্বাৰ্থত নিয়োজিত একাংশ খাকী পোছাকধাৰীৰ এনে স্বৰূপ বিভিন্ন সময়ত পোহৰলৈ আহিছে।
- Log in to post comments
- 50 views