আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰি আক্রান্ত হ'লে মাংস খাব পাৰি নে!ক'লে মন্ত্ৰী অতুল বৰাই

Pic

"ৰাজ্যত অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যু হোৱাটো সাধাৰণ ছোৱাইন ফিভাৰ নহয়।নমুনা পৰীক্ষাত আফ্ৰিকান ছোৱাইন ফিভাৰ পোৱা গৈছিল।ভূপালৰ পৰীক্ষাৰ ফলাফলত নিশ্চিত হ'ব সকলো কথা"- এই মন্তব্য কৃষি আৰু পশুধন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ।গুৱাহাটীত এখন সংবাদ মেলত মন্ত্ৰী বৰাই কয় "আফ্ৰিকান ছোৱাইন ফিভাৰৰ ঔষধ আজিলৈ ওলোৱা নাই।যদি ৰাজ্যত গাহৰিৰ মৃত্যুৰ কাৰণ সেয়াই হয়,তেন্তে ভাৰত চৰকাৰৰ গাইড লাইন মানিব লাগিব।যাতে ভাল গাহৰিসমূহলৈ সংক্ৰমণ হ'বলৈ নোৱাৰে।"

মন্ত্ৰী বৰাই প্ৰকাশ কৰা অনুসৰি উজনি অসমৰ ৬খন জিলাত বৰ্তমান সময়লৈকে ২২৮২টা গাহৰি মৃত্যু হৈছে।মৃত্যু হোৱা গাহৰিসমূহৰ ৰোগৰ যি লক্ষণ,সেয়া পূৰ্বতে ৰাজ্যৰ পশু চিকিৎসকসকলে দেখা নাই বুলি উল্লেখ কৰি কয়-"আমি ভয় খাইছোঁ ৰাজ্যৰ বনৰীয়া গাহৰিসমূহলৈ সংক্ৰমণ হ'ব বুলি।"

'সংক্ৰমণ ৰোধ কৰাৰ বাবে নিৰ্দিষ্ট জিলাসমূহৰ বিভাগৰ বিষয়াসকললৈ কঠোৰ নির্দেশনা প্ৰদান কৰা হৈছে।এনেদৰে কঠোৰ নিৰ্দেনা জাৰি কৰি সংক্ৰমণ ৰোধ কৰিব পৰা যাব।নামনি অসমৰ কোনো জিলাত এই ৰোগ হোৱা নাই'-মন্ত্ৰী বৰাই কয়।

আফ্ৰিকান ছোৱাইন ফিভাৰ হ'লে আক্রান্ত গাহৰিৰ পৰা মানুহৰ দেহলৈ ৰোগটোৰ সংক্ৰমণ হ'বলৈ নোৱাৰে।এই কথা পশু বিশেষজ্ঞসকলে স্পষ্টভাৱে কৈছে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়-"মাংসসমূহ উষ্ণতাত গৰম কৰি খোৱাৰ ব্যৱস্থা কৰিব।"

অনাগত দিনত ৰাজ্যৰ কৃষি খণ্ডত অধিক গুৰুত্ব দিব লাগিব।কাৰণ,ৰাজ্যৰ গৰিষ্ঠসংখ্যক মানুহ কৃষিৰ উল্লেখ কৰি বৰাই কয়-"পৰম্পৰাগতভাৱে আমি হাঁহ,কুকুৰা, গাহৰি, পাৰ আদি পুহি আহিছোঁ।বৰ্তমান আমি বাণিজ্যিক ভিত্তিত পুহিব লাগিব।কাৰণ,আমাৰ অৰ্থনীতি বহুখিনি ইয়াৰ ওপৰত নিৰ্ভৰশীল।চৰকাৰেও ইয়াৰ ওপৰত অধিক গুৰুত্ব দিব।"

লকডাউনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষকসকলক দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মন্ত্ৰী বৰাই।

Your Comments