বিশ্বত্ৰাস মহামাৰী ক'ৰ'নাত আক্ৰান্ত এগৰাকী অসমীয়া।দিল্লীত আক্রান্ত ব্যক্তিগৰাকীৰ ঘৰ চৰাইদেউ জিলাৰ পাটসাঁকোৰ আখৈয়া গাঁৱত।দিল্লীত চিকিৎসাৰ বাবে গৈছিল ব্যক্তিজন।কৰ্কট ৰোগত আক্রান্ত ব্যক্তিগৰাকীৰ কেম' দিয়াৰ পূৰ্বে কৰা কোভিড-১৯ পৰীক্ষাত ধৰা পৰিছে ক'ৰনাৰ উপস্থিতিৰ কথা।দিল্লীৰ এপল' হাস্পতালত লোকজনৰ কৰ্কট ৰোগৰ চিকিৎসা চলি আছিল।
উল্লেখ্য যে 'লকডাউন'ৰ পূৰ্বে দিল্লীলৈ গৈছিল লোকজন।আক্রান্ত ব্যক্তি গৰাকীৰ দিল্লীত আছে পুত্ৰ নকুল ফুকন।
গুৰুত্বপূৰ্ণ যে ব্যক্তিগৰাকীৰ দেহত ক'ৰ'নাৰ উপস্থিতি ধৰা পৰাৰ পিছতো দিল্লীৰ চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ কথা উল্লেখ কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক টুইট যোগে অৱগত কৰিছে।মঙলবাৰে ৰাতি অসহায় পুত্ৰগৰাকীয়ে স্বাস্থ্যমন্ত্ৰীৰ সহায় বিচাৰি কৰাৰ টুইট কৰাৰ পিছতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড: শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াক টুইট যোগে সহায় কৰাৰ আহ্বান জনায়।
ইফালে,মঙলবাৰৰ দিনৰ ভাগত পুত্ৰ নকুুুল ফুকনে ৰাজ্যমন্ত্ৰী তথা মাহমৰাৰ বিধায়ক(নিজ সমষ্টি) যোগেন মহনক বিষয়টো অৱগত কৰিছিল যদিও বিশেষ সহায় লাভ কৰা নাছিল যুৱকজনে।
- Log in to post comments
- 35 views