'লকডাউন'ৰ সময়ত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকল যাতে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত নহয়,তাৰ বাবে অসম মাধ্যমিক শিক্ষা সংসদ চমুকৈ 'ছেবা'ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।বিশেষকৈ নৱম আৰু দশম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ ছেবাই গ্ৰহণ কৰিছে বিশেষ পাঠদানৰ ব্যৱস্থা।এই কথা প্ৰকাশ কৰিছে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে।
ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছে।সামাজিক মাধ্যম ইউটিউবৰ লিংকসমূহ প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ প্ৰতিখন জিলালৈ।এই বিষয়ে বিদ্যালয় পৰিদৰ্শক আৰু ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱা হৈছে।প্ৰতি জিলাৰ 'হোৱাটচ এপ' গ্রুপত লিংকসমূহ প্ৰেৰণ কৰা হৈছে।এই কথা সচিব সেনাপতিয়ে জানিবলৈ দিয়ে।
আনহাতে,২৭ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা 'আকাশবাণী গুৱাহাটী'ৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এঘণ্টা ক্লাছ আৰম্ভ কৰা হৈছে।দুপৰীয়া ১২.৩০ বজাৰ পৰা ১.৩০ বজালৈ সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈ চলিব এই ক্লাছ।নৱম-দশম শ্রেণীৰ মূলত: তিনিটা বিষয়ত আৰম্ভ হোৱা ক্লাছে সামৰি ল'ব গণিত,সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ক।এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা সচিব সেনাপতিয়ে জানিবলৈ দিয়ে।লগতে তেওঁ কয় যে প্ৰথম দিনটোত গণিতৰ ক্লাছ হৈছিল।আকাশবাণীৰ সূত্ৰ অনুসৰি ক্লাছটোৰ প্ৰতি সঁহাৰি যথেষ্ট ভাল।
উল্লেখ যে ক্লাছটোত আধা ঘন্টা বিশেষ পাঠটো বুজাই দিয়া হয়।বাকী আধা ঘন্টা ফোনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন লোৱা হয়।যদি বিষয়টো ছাত্ৰ-ছাত্ৰীৰ বুজাত অসুবিধা হয়,পুনৰ বুজাই দিয়া হয়।
ছাত্ৰ-ছাত্ৰীসকলক কোন দিনা কি বিষয়ৰ পাঠদান কৰা হ'ব,সেই সন্দৰ্ভত ইতিমধ্যে সময়সূচী ঘোষণা কৰা বুলি সেনাপতিয়ে জানিবলৈ দিয়ে।
আনহাতে,অনলাইন পাঠদান ব্যৱস্থাৰ দ্বাৰা বহুখিনি সুবিধা হৈছে যদিও বহু ছাত্ৰ-ছাত্ৰীক সামৰিব পৰা নাই।এই কথা স্বীকাৰ কৰি সচিব সেনাপতিয়ে কয়-'সকলো ছাত্ৰ-ছাত্ৰীৰ হাতত উপযুক্ত ফোনৰ ব্যৱস্থা নাই।ফলত যোগাযোগত কিছু সমস্যা আহিছে।'
'জিলাসমূহৰ পৰা অহা খবৰ অনুসৰি ক্লাছ কৰাৰ সমান্তৰালকৈ
অনলাইনত পৰীক্ষাও পাতিছে।ডিব্ৰুগড়,গোলাঘাট আদি জিলাসমূহে নিজাকৈ নতুন ব্যৱস্থা গ্ৰহণ কৰি ইউনিট টেষ্টো পাতিছে'- সেনাপতিয়ে লগতে কয়।
- Log in to post comments
- 26 views