মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ৰ পুখুৰীত কাছৰ অস্বাভাৱিক মৃত্যু।পুৱা দেৱালয় কৰ্তৃপক্ষই সমীপত থকা ৰজাদিনীয়া যোৰপুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত কাছটো।কাছটোৰ মৃত্যু কি কাৰণে হ'ব পাৰে,সেই সন্দৰ্ভত প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও দেৱালয়ৰ দলৈ পৰমেশ্বৰ দেৱ শৰ্মাই জানিবলৈ দিয়া অনুসৰি-'খাদ্যৰ অভাৱত মৃত্যু হ'ব পাৰে কাছটোৰ।'
ইফালে, দেৱালয় দলৈয়ে কাছৰ চোৱা-চিতা কৰা কাছ বিশেষজ্ঞ জয়দিত্য পুৰকায়স্থক এই বিষয়ে অৱগত কৰে।
বিশেষজ্ঞ পুৰকাস্থই কাছটোৰ মৃত্যুৰ কাৰণে সেই সন্দৰ্ভত কয়-'খাদ্যৰ লগতে বয়সৰ বাবে হ'ব পাৰে কাছটোৰ মৃত্যু।'লগতে ৰাজ্য চৰকাৰক অনুৰোধ জনাই তেওঁ কয় যে দেৱালয়ত কাছৰ প্ৰজননৰ সুবিধাৰ বাবে কংক্ৰিট পাৰসমূহ ভাঙি দিব লাগে।যাতে কাছসমূহ পাৰলৈ উঠি অহাত সুবিধা হয়।যিহেতু কাছসমূহে কণী পৰাৰ সময়ত পাৰলৈ উঠি আহে।কিন্তু,কংক্ৰিটৰ থিয় পাৰ হোৱাৰ বাবে উঠি অহাৰ চেষ্টাত আঘাতপ্ৰাপ্ত হয়।উঠি আহিব নোৱাৰা হৈ কণী পাৰিব নোৱাৰা অৱস্থাত মৃত্যুৰ মুুখত পৰে কাছ।
গুৰুত্বপূৰ্ণ যে লকডাউনৰ ফলত তীব্ৰ খাদ্য সংকটত পৰিছে দেৱালয়ত থকা জীৱকুল।এই কথা দলৈ দেৱ শৰ্মাই প্ৰকাশ কৰিছে।বিশেষকৈ দেৱালয়ত থকা শ-শ ৰাজহাঁহক পৰ্যাপ্ত পৰিমানে যোগান ধৰিব পৰা নাই খাদ্য।যাতায়ত বন্ধ হৈ থকাৰ বাবে জীৱকুলৰ বাবে প্ৰয়োজনীয় ঔষধো যোগান ধৰিব পৰা নাই।
- Log in to post comments
- 29 views