বহী মূল্যাংকণ সম্পূৰ্ণ হ'ল মেট্ৰিকৰ:কেতিয়া ঘোষণা কৰা হ'ব ফলাফল!

Pic

হাইস্কুল শিক্ষান্ত পৰীক্ষাত  অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ।'লকডাউন' খোলাৰ পিছতে ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল।এই কথা প্ৰকাশ কৰিছে 'ছেবা' কৰ্তৃপক্ষই।বামুণীমৈদামস্থিত ছেবাৰ কাৰ্যালয়ৰ পৰা লাভ কৰা খবৰ অনুসৰি লকডাউনৰ মাজতে।সম্পূৰ্ণ  হৈছে পৰীক্ষাৰ্থীসকলৰ উত্তৰবহী মূল্যাংকণৰ কাম।বিভিন্ন জিলাৰ পৰা মূল্যাংকণৰ বহীসমূহ ইতিমধ্যে লৈ অহা হৈছে ছেবা কাৰ্যালয়লৈ।

সোমবাৰে দুখনকৈ অসম ৰাজ্যিক পৰিবহণ  নিগমৰ বাছ আৰু উইংগাৰত মাঘেৰিটা,হাইলাকান্দি আৰু তিনিচুকীয়াৰ পৰা অনা হয় বহীসমূহ।

ইফালে ছেবা অধ্যক্ষ আৰ চি জৈনে ফলাফল সন্দৰ্ভত কয়-"ইতিমধ্যে মেট্ৰিকৰ ফলাফল ঘোষণাৰ প্ৰস্তুতি চলি আছে।লকডাউন শেষ হোৱাৰ লগে লগে আমি ফলাফল ঘোষণা কৰাৰ চেষ্টা চলাইছোঁ।"

লগতে তেওঁ কয়-"বিভিন্ন জিলাত বহীসমূহ পৰীক্ষাৰ কৰা কাম শেষ হৈছে।পৰ্যায়ক্ৰমে        ছেবাৰ কাৰ্যালয়লৈ বহীসমূহ লৈ অহা হৈছে।প্ৰতিখন জিলাৰ বহীসমূহ পৃথকে পৃথকে আনি অন্যান্য কামসমূহ কৰি থকা হৈছে।বৰ্তমান বহীৰ কাম সম্পূৰ্ণ হৈছে যদিও অনলাইনৰ কাম কিছু বাকী আছে।

ইফালে,লকডাউনৰ ওপৰতে ফলাফল ঘোষণা নিৰ্ভৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয়-"লকডাউনৰ ওপৰত ভিত্তি কৰি মে' বা জুনৰ ভিতৰতে ঘোষণা কৰা হ'ব ফলাফল।"

Your Comments