গুৱাহাটীৰ মহানগৰ জিলা প্ৰশাসনে ছীল কৰিলে চানমাৰী মিলন নগৰৰ ২নং মছজিদ।দেওবাৰে ১৬ দিনৰ বাবে জিলা প্ৰশাসনে ছীল কৰা মছজিদটোত ১১মে’লৈ ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
প্ৰাপ্ত খবৰ অনুসৰি মছজিদটোৰ দায়িত্বত থকা ইমাম ইহাদুৰ ৰহমানে 'লকডাউন' চলি থকাৰ সময়তে ইতিমধ্যে ৰেডজ’ন হিচাপে চিহ্নিত নলবাৰী জিলালৈ গৈ পত্নী আৰু পুত্ৰক লগত লৈ পুনৰ চানমাৰিৰ মিলন নগৰৰ মছজিদটোলৈ ঘূৰি আহিছিল।
গুৰুত্বপূৰ্ণ যে ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ ইতিমধ্যে আৰম্ভ হৈছে।গতিকে ইমামগৰাকীয়ে পূৰ্বৰ দৰে দেওবাৰে আজান দিছিল মছজিদটোত।কিন্তু ইমামগৰাকীয়ে পত্নী-পুত্ৰক নলবাৰীৰ পৰা লৈ পুনৰ ঘূৰি অহাৰ কথা স্থানীয় ৰাইজে খবৰ পোৱাৰ পিচতে খবৰ দিছিল প্ৰশাসনক।ৰাইজৰ অভিযোগৰ ভিত্তিত মহানগৰ জিলা প্ৰশাসনে দেওবাৰে মছজিদটোত উপস্থিত হয়।ইমাম ৰহমানৰ সৈতে পত্নী আৰু পুত্ৰক পৃথকে পৃথকে কৰা হয় কোৱাৰেন্টাইন।
ইফালে,জিলা প্ৰশাসনৰ ফালৰ সমগ্ৰ মিলনপুৰ অঞ্চলত দেওবাৰে ৰাতি কৰা হয় ছেনিটাইজাৰ।
আনহাতে,তাৎপৰ্যপূৰ্ণ যে ইমানগৰাকীৰ নলবাৰীত থকা পৰিয়ালৰ অন্য সদস্যসকলকো কৰা হৈছে পৰীক্ষা।বৰ্তমানলৈ কোনো এগৰাকীৰ দেহত ক'ৰ'নাৰ উপস্থিত পোৱা নাই যদিও কৰা হৈছে কোৱাৰেন্টাইন।
- Log in to post comments
- 28 views