ৰাজস্থানৰ কোটাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ দলটো সোমবাৰে পুৱতি নিশা তিনি বজাত গুৱাহাটীৰ সৰুসজাই পালেহি।৩৯১জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো সৰুসজাইত উপস্থিত হোৱাৰ পিছত স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়।লগত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা।
উল্লেখ্য যে যোৱা শুকুৰবাৰে পুৱা ৰাজস্থানৰ পৰা ছাত্ৰ-ছাত্ৰীৰ দলটোৰ ৰাওনা হৈছিল।দলটোক নেতৃত্ব দিছিল অসম আৰক্ষীৰ ৮জনকৈ বিষয়াই।তাৎপৰ্যপূৰ্ণ যে ছাত্ৰ-ছাত্ৰীৰ দলটোক ১৪দিনৰ কোৱাৰেণ্টাইন কৰাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হ'ব।উল্লেখ্য যে সৰুসজাইৰ বিশেষ কোৱাৰেণ্টাইন শিবিৰত ছাত্ৰসকলক ৰখাৰ বিপৰীতে ছাত্ৰীসকলক কাষৰ তিনিখনকৈ হোটেলত ৰখা হৈছে।
ইফালে,ছাত্ৰ-ছাত্ৰীসকলক পৰিয়ালৰ কোনো ব্যক্তিয়ে কোৱাৰেণ্টাইন চেণ্টাৰত সাক্ষাৎ কৰিব নোৱাৰিব।পৰিয়ালৰ সৈতে একমাত্ৰ ফোনৰ জৰিয়তে কথা পাতিব পৰিব।
ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হোৱাৰ পিছতে কৰা হয় প্ৰাথমিক স্বাস্থ্য পৰীক্ষা।পাঁচদিনৰ দিনা তেওঁলোকৰ চেম্পুল টেষ্ট কৰা হ'ব।
- Log in to post comments
- 11 views