'মানৱীয়তাৰ খাতিৰত ব্যক্তিগত হোষ্টেল-ভাড়াঘৰৰ মালিকে এপ্ৰিল মাহৰ ভাড়া ৫০% ৰেহাই দিব পাৰে নেকি বিবেচনা কৰক'-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Pic

ৰাজ্যৰ ব্যক্তিগত হোষ্টেল আৰু ভাড়াঘৰৰ মালিকসকললৈ ৰাজ্যৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ আহ্বান।"এই দুৰ্যোগৰ সময়ত মানৱীয়তাৰ খাতিৰত হোষ্টেলৰ গৰাকীসকলে এপ্ৰিল মাহৰ মাচুল ছাত্ৰ-ছাত্ৰীসকলক ৫০% ৰেহাই দিব পাৰি নেকি চিন্তা কৰক।লগতে ভাড়াঘৰৰ লগত জড়িত মালিকসকলেও ব্যক্তিগত খণ্ডত কৰ্মৰত কৰ্মচাৰী-শ্ৰমিক তথা ভাৰতীয়াসকলক এপ্ৰিল মাহৰ ভাড়া মানৱীয়তাৰ খাতিৰত ৰেহাই দিব পাৰি নেকি বিবেচনা কৰক।"

যদি চৰকাৰী কৰ্মচাৰী ভাড়াতীয়া হিচাপে আছে,তেন্তে  সম্পূৰ্ণ ভাড়া লওক বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"কাৰণ,চৰকাৰী কৰ্মচাৰীৰ দৰমহা চৰকাৰে  সম্পূৰ্ণকৈ দিছে। ৰেহাই দিয়াৰ প্ৰয়োজন নাই।কিন্তু ব্যক্তিগত খণ্ডত কৰ্মৰত কৰ্মচাৰীৰ বহুতৰে এপ্ৰিল মাহটো কষ্ট হৈছে।বহুত কষ্টত কৰ্মচাৰীসকল আছে।যদি তেওঁলোকৰ ভাড়া ৰেহাইৰ বিবেচনা কৰিব পাৰে,তেন্তে ভাল হয়।"

গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই লকডাউন বৃদ্ধি সন্দৰ্ভত ভাৰত চৰকাৰে যি সিদ্ধান্ত ল'ব,সেয়া আমি পালন কৰিম বুলি উল্লেখ কৰে।লগতে দোকান খোলাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দিয়া পৰামৰ্শ সন্দৰ্ভত সোমবাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।

Your Comments